খাদ্য বিচাৰি পথলৈ ওলাই গ’ল তিনি ক’ভিদ -১৯ আক্রান্ত

GOALPARA

কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা তিনিজন কৰ’না ভাইৰাছ সংক্ৰমিত ৰোগীক কেন্দ্ৰ কৰি আজি গোৱালপাৰা অসামৰিক চিকিৎসালয়ত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।ক’ভিড-১৯ ৰোগীক চিকিৎসা কৰিব পৰাকৈ প্রয়োজনীয় সা-সুবিধা উপলব্ধ নথকা বাবে আতংকিত হৈ পৰা চিকিৎসালয়খনৰ চিকিৎসক তথা চিকিৎসাকৰ্মী সকলে প্ৰতিবাদত মুখৰ হৈ দায়িত্বৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লয়। যোৱা নিশা গোৱালপাৰা জিলাৰ তিনিজন লোকে কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাৰ পাছত তেওঁলোকক অসামৰিক চিকিৎসালয়ত প্ৰতিষ্ঠা কৰা আছুতীয়া কক্ষত ৰখাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু চিকিৎসালয়খনত বিশেষ সুৰক্ষামূলক ব্যৱস্থা নথকাৰ বাবে চিকিৎসাকৰ্মীসকল আতংকিত হৈ পৰে।

উল্লেখ্য যে, কৰ’নাত আক্ৰান্ত সন্দেহত বিগত কিছুদিন ধৰি জিলাখনৰ বহুতকে পৰীক্ষা কৰা হৈছিল। ইয়াৰে অধিকাংশৰে পৰীক্ষাত নিগেটিভ ওলালেও দিল্লীৰ নিজামুদ্দিন মাৰ্কাজলৈ যোৱা গোৱালপাৰাৰ তিনিজন লোকৰ শৰীৰত কৰ’না ভাইৰাছৰ নমুনা পায়। ইয়াৰ পিছতে তিনিওজনক  নিজক নিৰাপত্তাক লৈ ফৰেষ্ট গেটৰ নগৰ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ পৰা গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও নিজৰ নিৰাপত্তাক লৈ শংকিত হৈ পৰে চিকিৎসালয়খনৰ একাংশ চিকিৎসক, নাৰ্ছ তথা অন্যান্য স্বাস্থ্যকৰ্মী। অন্যহাতে, মাৰাত্মক কৰ’না ভাইৰাছৰ স’তে মোকাবিলা কৰাৰ বাবে চিকিৎসালয়খনত কোনো প্ৰশিক্ষণপ্রাপ্ত চিকিৎসক নাই

ক’ভিড-১৯ ৰোগীৰ আছুতীয়া কক্ষ অন্যান্য ৰোগীৰ কক্ষৰ সমীপতে হোৱাৰ বাবেও সকলো চিন্তিত হৈ পৰিছে।আনকি অন্যান্য কক্ষত নিয়োজিত ৱাৰ্ডবয় দুজনকে আছুতীয়া কক্ষৰো দায়িত্ব দিয়াত চিকিৎসা কৰ্মী সকল ক্ষুন্ন হৈছে। কিয়নো আছুতীয়া কক্ষত নিয়োজিত স্বাস্থ্যকৰ্মী সকলৰ সৈতে যিকোনো অসাৱধান মুহূৰ্তত মিলামিছা হোৱাৰো আশংকা কৰিছে চিকিৎসালয় খনৰ চিকিৎসাকৰ্মী সকলে। এই বিষয়তে ক্ষুন্ন হৈ আজি চিকিৎসক, নাৰ্ছ তথা অন্যান্য স্বাস্থ্যকৰ্মী সকলে দায়িত্বৰ পৰা বিৰত থাকি প্ৰতিবাদ সাব্যস্ত কৰে। ক’ভিড-১৯ প্ৰতিৰোধী সামগ্ৰী লাভ নকৰা পৰ্যন্ত কোনো চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্যকৰ্মীয়ে কৰ’নাত আক্ৰান্তক চিকিৎসা সেৱা আগবঢ়াই বুলিও প্ৰতিবাদকাৰী সকলে স্পষ্ট কৰি দিয়ে। অৱশ্যে, পৰৱৰ্তী সময়ত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ দাসে তেওঁলোকক বুজনি দি সৈমান কৰায়। 

ইপিনে , এই প্ৰতিবাদৰ মাজতে ভোকত থকা ক’ভিড-১৯ত আক্ৰান্ত ৰোগী তিনিজনে সকলোৰে অলক্ষিতে খাদ্য বিচাৰি চিকিৎসালয়ৰ বাহিৰলৈ ওলাই আহে। অৱশ্যে চিকিৎসালয় কৰ্তৃপক্ষই তেওঁলোকক প্ৰত্যক্ষ কৰাৰ লগে লগেই পুনৰ আছুতীয়া কক্ষলৈ ঘূৰাই পঠায়। খাদ্য যোগান নথকাৰ বাবেই ৰোগী তিনিজন এইদৰে ওলাই অহা বুলি অভিযোগ উঠিছে।

Exit mobile version