পুনৰ ভিডিঅ’ বাৰ্তাৰ জৰিয়তে দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে : ক’ৰ’নাক পৰাস্ত কৰি ঐক্যতাৰে আগবাঢ়ি যোৱাৰ সংকল্পবদ্ধ হোৱাৰ আহ্বান

পাঁচ এপ্ৰিল ৰবিবাৰে নিশা ন বজাত ন মিনিটৰ বাবে ঘৰৰ লাইট বন্ধ কৰি মমবাতি,  চাকি, টৰ্চ নাইবা মোবাইলৰ ফ্লাচ জ্বলাবলৈ আহ্বান জনতাক

আজি পুৱা ন বজাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ প্ৰায় ১২ মিনিটৰ এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে । ১৩০ কোটি ভাৰতীয়ক ভিডিঅ’টোৰ জৰিয়তে  প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰি কয়, ‘আজি সমগ্ৰ বিশ্বই ক’ৰ’নাৰ বিৰুদ্ধে ভাৰতৰ ১৩০ কোটি জনতাই অব্যাহত ৰখা সংগ্ৰামৰ শলাগ লৈছে। জনতা কাৰ্ফিউৰ পৰা ল’কডাউনলৈকে ভাৰতৰ জনসাধাৰণে ক’ৰ’নাক পৰাস্ত কৰাৰ একাগ্ৰতা বিশ্বই প্ৰত্যক্ষ কৰিছে । ল’কডাউনৰ সময়ত দেশৰ দুখীয়া লোকসকলে আটাইতকৈ প্ৰভাৱিত হৈছে । তেওঁলোকৰ মনত ভৱিষ্যতে কিদৰে আগবাঢ়িব  যাব সেই সম্পৰ্কে শংকা সৃষ্টি  হৈছে যদিও তেওঁলোক কেতিয়াও অকলশৰীয়া নহয় ।  দেশৰ ১৩০ কোটি জনতা সদায় একলগে আছে । ” প্ৰধানমন্ত্ৰীজনে দেশৰ সকলো নাগৰিকক পুনৰ পাঁচ এপ্ৰিল ৰবিবাৰে নিশা ন বজাত ন মিনিটৰ বাবে ঘৰৰ লাইট বন্ধ কৰি ঘৰৰ দুৱাৰমুখত অথবা বেলকনিত মমবাতি, চাকি, টৰ্চ লাইট নাইবা মোবাইলৰ ফ্লাচ জ্বলাবলৈ আহ্বান জনাই কৰ’নাক পৰাস্ত কৰি একেলগে আগবাঢ়ি যোৱাৰ বাবে সংকল্পবদ্ধ হ’বলৈ  আহ্বান জনায় । তেওঁ এই কাৰ্য সম্পাদন কৰা সময়ত যাতে নাগৰিক সকল কোনোকাৰণতে  ঘৰৰ বাহিৰলৈ নাইবা ৰাজপথলৈ ওলাই নাহে তাৰ বাবেও সকলোকে আহ্বান জনাই ঘৰৰ দুৱাৰমুখত অথবা বেলকনিত সকলোকে ন মিনিটৰ বাবে মমবাতি, চাকি, টৰ্চ লাইট নাইবা মোবাইলৰ ফ্লাচ জ্বলাবলৈ কয় ।

Exit mobile version