দুই শতাধিক সমবায়ৰ এজেণ্টৰ লগত বিধায়ক পদ্মৰ সভা : চতিয়াৰ দুখীয়া ৰাইজৰ ঘৰে ঘৰে বিতঁৰণ হ’ব চাউল

83799229 2710768159038498 8712822260697661440 o

লকডাউনৰ সময়ত দৈনিক উৰ্পাজনেৰে জীৱন অতিবাহিত কৰা লোকসকলৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা ৰোধ কৰিবলৈ  চাউল বিতঁৰণৰ  সকলো ব্যৱস্থা কৰিছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷ আজি জামুগুৰিহাটস্থিত বাপুজীভৱনৰ প্ৰেক্ষাগৃহত সমবায় সমিতিৰ সভাপতি,সম্পাদক আৰু এজেণ্ট সকলৰ স’তে এক  সভাত অংশ লয়  বিধায়ক পদ্ম হাজৰিকাই ৷  সভাত ছিলাবন্ধা ,বৰভগীয়া,নাগশংকৰ আৰু মূঢ়াদল মৌজাৰ সভাপতি,সম্পাদক,এজেণ্ট আৰু পঞ্চায়ত প্ৰতিনিধি সকল উপস্থিতিত বিধায়ক  হাজৰিকাই গাৱঁৰ সৰ্ব্বসাধাৰন দৰিদ্ৰ জনতাৰ  ঘৰে ঘৰে  সমবায়ৰ এজেণ্ট সকলক চৰকাৰী বিনামূলীয়া চাউল সমুহ বিতৰণৰ বাৱে  পৰামৰ্শ  আগবঢ়াই ৷ সকলো এজেণ্টে ঘৰে ঘৰে গৈ দুদিনৰ ভিতৰত  চাউল সমুহ বিতৰনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় বিধায়ক  হাজৰিকাই  কয় যে কোনেও যাতে দোকানলৈ আহিব নালাগে আৰু লকডাউন উলঙ্ঘা নহয় | প্ৰতিজনে যাতে শাৰিৰীক দূৰত্ব বজায় ৰাখি চাউল সমুহ বিতৰণ কৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ এজেণ্ট সকলক পৰামৰ্শ  দিয়ে বিধায়ক পদ্মই ৷ সভাত উপস্থিত  দুই শতাধিক সমবায়ৰ এজেণ্টক নিষ্ঠা, সততা আৰু ত্যাগৰ মানসীকতাৰে  চাউল বিতঁৰন প্ৰক্ৰিয়াত জড়িত হবলৈ আহ্বান জনায় বিধায়কজনে  সমষ্টিটোৰ  দূৰ্গত আৰু দুখীয়া ৰাইজক সকলো প্ৰকাৰৰ সহায়ৰ হাত আগবঢ়াবলৈ পৰামৰ্শ আগবঢ়ায় পঞ্চায়ত প্ৰতিনিধি সকলক ৷ পঞ্চায়ত এলেকা সমুহত ফাঁকি দি লুকাই থকা তথা সন্দেহজনক লোকসকলক চিনাক্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাৱে  প্ৰশাসনৰে যোগাযোগ কৰিবলৈ পঞ্চায়ত প্ৰতিনিধি সকলক আহ্বান জনায় বিধায়ক পদ্মই ৷ ইয়াৰোপৰি কৰ’না ভাইৰাচক কেন্দ্ৰ কৰি সমাজত  অপপ্ৰচাৰ চলোৱা চক্ৰৰ বিৰুদ্ধে সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ সকলোকে  আহ্বান জনায় বিধায়কজনে ৷ সভাত দ্বাদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক প্ৰণৱজ্যোতি গোস্বামীয়ে সমবায়ৰ  এজেণ্ট সকলক নিজ নিজ এলেকাৰ জনসাধাৰণৰ মাজত  ক’ৰণা ভাইৰাছৰ ওপৰত সজাগতা সৃষ্টি কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ৷

Exit mobile version