আও ফিৰ ছে দিয়া জ্বলায়ে ! বাজপেয়ীৰ কবিতাৰে দেশক উদ্ধুদ্ধ কৰিলে মোদীয়ে

15860964205053286605607618277779

‘আহক পুনৰ বন্তি জ্বলাও।’ এইদৰেই সংকটৰ সময়ত দেশবাসীক উদ্ধুদ্ধ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি বন্তি প্ৰজ্বলনৰ কাৰ্য্যসূচী ৰূপায়ণৰ বাবে মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ এক কবিতাৰ পংক্তিৰে পুনৰ দেশবাসীক আহ্বান জনালে। উল্লেখ্য যে দেশবাসীক উদ্দেশ্য কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কৰ’না ভাইৰাছৰ মোকাবিলাত আত্মশক্তি জাগৰণৰ কথা উল্লেখ কৰিছিল।

কৰ’নাৰ বিৰুদ্ধে অসম যুদ্ধত সমগ্র দেশবাসী যে সংঘবদ্ধ হৈছে সেয়া প্ৰমাণ কৰাৰ সময় আহিছে। সেইবাবেই প্ৰধানমন্ত্ৰীয়ে দেশবাসীক আজি নিশা ন বজাত ন মিনিট সময় বিচাৰিছে। ১৩০ কোটি জনতাৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে আহ্বান জনাই কৈছিল, ‘ সেই ন মিনিটত প্ৰত্যেকেই ঘৰৰ পোহৰ নুমুৱাই বেলকনি বা দুৱাৰৰ সন্মুখত মমবাতি, বন্তি, টৰ্ছ বা মোবাইলৰ ফ্লেশ্বলাইট জ্বলাই কৰ’নাৰ যুদ্ধত একতা প্ৰদৰ্শন কৰক।’ সেই আহ্বানকে দোহাৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ এটি কবিতা মোদীয়ে টুইট কৰে। লগতে তেওঁ টুইটত লিখিলে, ‘আহক বন্তি জ্বলাওঁ।’

উল্লেখ্য যে, মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী জনৰ বিখ্যাত কবিতা আবৃত্তিৰ এটা ভিডিঅ’ টুইট কৰে। এই কবিতাৰ শিৰোনাম আছিল ,’আও ফিৰ সে দিয়া জ্বলায়ে”। অৰ্থাৎ আহক পুনৰ বন্তি জ্বলাও। বহু বছৰৰ পূৰ্বে বাজপেয়ীয়ে কবিতাটো আবৃত্তি কৰিছিল। কঠিন সময়ত দেশবাসীক একত্ৰিত কৰি ৰখাই কৰ’না মোকাবিলাৰ অন্যতম পথ বুলি প্ৰধানমন্ত্ৰীয়ে আহ্বান জনাইছে। আতংকৰ মাজতে দেশবাসীক মনোবল তুংগত ৰখাৰ বাবে ইয়াৰ পূৰ্বে ‘জনতা কাৰ্ফিউ’ৰ মাজতে কৰ’নাৰ বিৰূদ্ধে অৱতীৰ্ণ হোৱা যুদ্ধাসকলক চালাম জনাবলৈ কৰতালি, থালি-বাতি, ঘণ্টা-কাঁহ বজোৱাৰ আহ্বান জনাইছিল। এইবাৰ বন্তি, মমবাতি, টৰ্ছ বা মোবাইলৰ ফ্লেশ্বলাইট জ্বলাই পুনৰ এবাৰ দেশবাসীৰ মনোবল বৃদ্ধিৰ পথ দেখুৱাইছে প্ৰধানমন্ত্ৰীয়ে।

Exit mobile version