ক’ভিড আক্ৰান্তৰ ঘৰত নিশা চোৰৰ চাফাই অভিযান

সমগ্ৰ বিশ্বত সম্প্ৰতি কৰ’না ভাইৰাছৰ আতংক ৷তেনে সময়তে কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা গোৱালপাৰা চহৰৰ কিচমতপুৰস্থিত খবিৰ উদ্দিনৰ ঘৰত শনিবাৰে নিশা হোৱা চুৰি কাণ্ডই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।উল্লেখযোগ্য যে দিল্লী ফেৰেৎ খবিৰউদ্দিন কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ কাৰণে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত আইছলেশ্যনত ৰখা হৈছে ৷
লগতে তেওঁৰ পৰিয়ালকো গোৱালপাৰাৰ বেলতলাস্থিত পলিটেকনিকৰ কোৱাৰেন্টাইনত ৰাখিছে ৷গতিকে কোনো নথকাৰ সুযোগ লৈ চোৰে খবিৰ উদ্দিনৰ ঘৰৰ লগতে হোটেলৰ পৰা পাঁচটাকৈ চিলিণ্ডাৰ,আলমাৰীত থকা ধন সোণ,নগদ টকা আদি চুৰি কৰি লৈ যায় ।ইয়াৰ পিছতেই খবিৰ উদ্দিনৰ আত্মীয়ই গোৱালপাৰা সদৰ থানাত এজাহাৰ দাখিল কৰে যদিও অঞ্চলতো জিলা প্ৰশাসনে ছীল কৰাৰ কাৰণে সম্প্ৰতি আৰক্ষীয়ে এজাহাৰ লোৱা নাই। কিন্তু পৰিয়ালৰ লোক ঘৰলৈ অহাৰ লগে লগে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে ৷
Exit mobile version