নলবাৰীৰ পুনৰ ৩০ জনক সৰুসজাইলৈ স্থানান্তৰ 

Sarusajai quarantine centre

দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমলৈ অহা উত্তৰ প্ৰদেশৰ ১১  জনীয়া দলটোৰ চাৰিজনৰ দেহত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ তথ্য উদ্ধাৰ হোৱাৰ পাছত আৰু নতুনকৈ সংক্ৰমণ নিশ্চিত হোৱা নাই যদিও স্থানীয় ৰাইজ আতংকিত হৈ আছে । কিয়নো এই দলটো মোল্লাপাৰা অঞ্চলত আশ্ৰয় লৈ থকা সময়ত কিমান মানুহৰ সংস্পৰ্শলৈ আহিছিল তাকে লৈ সন্দেহ ঘনীভূত হৈছে ৷ এই দলৰ সদস্যসকলক ধৰি মোল্লাপাৰা আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে নিৰীক্ষণত থকা ৫১ জন লোকক গুৱাহাটীৰ সৰুসজাইলৈ স্থানান্তৰ কৰাৰ পাছত পুনৰ ৩০ জনক স্থানান্তৰ কৰা বুলি প্ৰশাসনে তথ্য প্ৰকাশ কৰিছে ৷ নলবাৰীৰ শ্বহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত আছুতীয়াকৈ ৬৭ জনক ৰখা হৈছে ।

এইসকলৰ একাংশ মোল্লাপৰাত উত্তৰ প্ৰদেশৰ দলটোৰ সংস্পৰ্শলৈ আহিছিল ৷ তদুপৰি দিল্লী ভ্ৰমণ কৰি অহা আন একাংশক আছুতীয়াকৈ ৰখা হৈছিল ৷ ইফালে এই সমগ্ৰ পৰিস্থিতি বুজ লয় অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই । তেওঁ সাংবাদিকৰ আগত কয় যে এতিয়ালৈ কৰ’নাৰ গণসংক্ৰমণ হোৱা নাই ৷ তদুপৰি চিনাক্ত হোৱা ৰোগীসকল প্ৰাথমিক পৰ্যায়তে ধৰা পৰিছে ৷ লগতে সকলোকে ধৰ্মত আঘাত লগা কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান কৰে জয়ন্ত মল্ল বৰুৱাই ।

Exit mobile version