ভাৰতত আক্ৰান্ত তিনি সহস্ৰাধিক, মৃত ১০৬ জন

30 coronavirus 660 1

দেশত কৰ’নাৰ আক্ৰান্তৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে ৷ শেহতীয়া তথ্য অনুসৰি দেশত এই পৰ্যন্ত আক্ৰান্তৰ সংখ্যা ৩৮১৯ জন আৰু মৃত ১০৬ জন । নতুনকৈ আক্ৰান্ত হৈছে ৩৫০ ৰো অধিক ৷ ইয়াকে লৈ উদ্বেগ সৃষ্টি হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ত ৷ অৱশ্যে সুস্থ লোকৰ সংখ্যাও বৃদ্ধি পাইছে। দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ৬৯০ জন আক্ৰান্ত হৈছে। মৃত্যু হৈছে ৩৬ জনৰ আৰু সুস্থ হৈ উঠিছে ৫২ জন ৷ দিল্লীত ৪৪৫ জন আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে ছজনৰ ৷ ইয়াৰ পাছত কেৰালাত আক্ৰান্ত হৈছে ৩০৬ জন আৰু মৃত্যু হৈছে দুজনৰ ।

ইপিনে কৰ’নাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অহা আঠ এপ্ৰিলত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি সদৰি কৰে যে যিসমূহ ৰাজনৈতিক দলৰ অন্তত পাঁচজন সদস্য আছে তেওঁলোকক এই বৈঠকলৈ আহ্বান জনোৱা হ’ব। বিৰোধী দলসমূহে একাধিকবাৰ বৈঠকৰ দাবী জনাই আহিছে।

তথ্য অনুসৰি দেশৰ ৩০ শতাংশৰো অধিক জিলাত আক্ৰান্ত হৈছে। ইপিনে,কৰ’নাৰ আক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰিছে। বিশ্বজুৰি আক্ৰান্তৰ সংখ্যা ১,১৪১৯০। মৃতকৰ সংখ্যা ৬০,৯৬০ আৰু সুস্থ হৈ উঠিছে ২৩৫,৭৭৫ জন।

Exit mobile version