আক্ৰান্ত হোৱা নাই যদিও কোকোৰাঝাৰত ২৬ শ জন লোক কোৱাৰেন্টাইনত

sonowal at covid 19 center

কোকৰাঝাৰত ক’ভিড ১৯ ত আক্ৰান্ত হোৱা নাই যদিও জিলাখনৰ বিভিন্ন প্ৰান্তৰ ২,৬০০ জন লোকক আছুতীয়াকৈ ৰখা হৈছে ৷ এই কথা সদৰি কৰিছে জিলা তত্ত্বাৱধায়ক বিষয়া ডা° অমল মুছাহাৰীয়ে ৷ তেওঁ জনায় যে এই লোকসকলৰ ভিতৰত ২০৩৪ জনক ঘৰত আৰু ৫৬৬ জনক স্থাপন কৰা ছটা আছুতীয়া কেন্দ্ৰত ৰখা হৈছে ৷ ইপিনে কৰ’না সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰৰ প্ৰতিটো নিৰ্দেশ আখৰে আখৰে পালন কৰিবলৈ ৰাইজক আহ্বান কৰিছে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োয়ে ৷ লগতে তেওঁ চৰকাৰৰ দ্বাৰা সাহায্য অতি শীঘ্ৰে দুখীয়া লোকসকলৰ মাজত বিতৰণ কৰিবলৈ দাবী জনায়।

Exit mobile version