কাইলৈ আকাশত জিলিকিব গোলাপী জোনবাই

moon 1586147596

কৰ’না আতংকৰ মাজতে জোনবাইজনী সাজু হৈছে গোলাপী ৰূপ ধাৰণ কৰিবলৈ। কৰ’না ভাইৰাছৰ প্ৰকোপত বিশ্বজুৰি মহাত্ৰাসৰ সঞ্চাৰ হৈছে। মৃতক আৰু আক্ৰান্তৰ সংখ্যা প্ৰতি মুহূৰ্ততে বৃদ্ধি পাই আছে। এনে পৰিস্থিতিত সংহাৰী ভাইৰাছৰ কবলৰ পৰা মানুহক ৰক্ষা কৰিবলৈ বিশ্বৰ অধিকাংশ দেশতে তলাবন্ধ ঘোষণা কৰা হৈছে। মানুহেও প্ৰাণৰক্ষা কৰিবলৈ নিজকে গৃহবন্দী কৰি ৰাখিছে। অথচ একে স্থানতে দীৰ্ঘদিন ধৰি আবদ্ধ হৈ থাকিব লগা হোৱাত অধিকাংশ লোকৰে উশাহ বন্ধ হোৱাৰো উপক্ৰম ঘটিছে। এই পৰিস্থিতি দেখিয়ে হয়তো প্ৰকৃতিৰো কিছু কৰুণা জাগিছে। সেয়ে আতংকৰ মাজতে মানুহক কিছু সময়লৈ হ’লেও আনন্দ দিয়াৰ বাবে প্ৰকৃতিয়ে যেন ব্যৱহাৰ কৰিছে জোনবাইক। অহা সাত এপ্ৰিলৰ সন্ধিয়া বিশ্বই দেখা পাব চন্দ্ৰটোৰ এক বিৰল ৰূপ।

সাত এপ্ৰিলৰ সূৰ্যাস্তৰ পাছতে বিশ্বৰ বিভিন্ন স্থানৰ আকাশত দৃশ্যমান হ’ব বছৰৰ সবাতোকৈ ডাঙৰ আৰু উজ্জ্বল চন্দ্ৰ অৰ্থাৎ ‘ছুপাৰ মুন’। এই বিষয়টোক লৈ আতংকৰ মাজতে যথেষ্ট উৎসাহিত হৈ পৰিছে মহাকাশ বিজ্ঞানৰ শিক্ষাৰ্থীসকলৰ পৰা আৰম্ভ কৰি সাধাৰণ মানুহো। ইয়াৰ পূৰ্বে যোৱা ন মাৰ্চৰ পৰা ১১ মাৰ্চৰ ভিতৰত আকাশত দেখা দিয়া জোনটোক ‘ছুপাৰ ৱার্ম মুন’ আখ্যা দিয়া হৈছে। এইবোৰ দেখা দিবলগীয়া ‘ছুপাৰ মুন’ৰ নামাকৰণ কৰা হৈছে উত্তৰ আমেৰিকাৰ পূব প্ৰান্তত বসন্তকালত ফুলা ‘ফ্লক্স ছাবুলাটা’ ফুলৰ গোলাপী ৰঙৰ অনুসাৰে। অৱশ্যে দেখা দিবলগীয়া জোনটিৰ ৰং গোলাপী নহয়। আন কোনো স্থানত ইয়াক ‘স্প্ৰাউটিং গ্রাছ মুন’, ‘এগ মুন’ আৰু ‘ফিছ মুন’ আদি নামো দিয়া হৈছে। পৃথিৱীৰ বিভিন্ন দেশত সাত এপ্ৰিলৰ সূৰ্যাস্তৰ পিছতে এই পূৰ্ণাঙ্গ চন্দ্ৰ আকাশত দৃশ্যমান হ’ব। অৱশ্যে ভাৰতত এই গোলাপী জোনে পাছদিনা পুৱা আঠ  বাজি পাঁচ মিনিটতহে দেখা দিব। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে সেই সময়ত যিহেতু ভাৰতৰ আকাশত বেলিটো জিলিকি থাকিব, সেয়ে ইয়াক খালী চকুৰে দেখা নাযাব। গতিকে অনলাইনতে ভৰসা কৰিব লাগিব।

উল্লেখ্য যে পূৰ্ণিমাৰ চন্দ্ৰৰ নামাকৰণ সচৰাচৰ আমেৰিকাৰ বিভিন্ন অঞ্চলৰ ঋতুত নিৰ্ভৰ কৰে। আনহাতে, বছৰৰ এটা নিৰ্দিষ্ট সময়ত হোৱা পূৰ্ণিমাৰ নিশা চন্দ্ৰটো পৃথিৱীৰ সবাতোকৈ ওচৰলৈ আহে। আন সময়ত পৃথিৱীৰ পৰা চন্দ্ৰৰ গড় দূৰত্ব ৩,৮৪,৪০০ কিলোমিটাৰ। কিন্তু সেই নিৰ্দিষ্ট পূৰ্ণিমাৰ নিশা পূৰ্ণিমাৰ নিশা পৃথিৱী আৰু চন্দ্ৰৰ দূৰত্ব হয় ৩,৫৬,৯০৭ কিলোমিটাৰ।

Exit mobile version