বোকাজানৰ কাৰাগাঁৱত আৰক্ষী আৰু দুৰ্বৃত্তৰ মাজত গুলীয়াগুলী

IMG 20200406 WA0000
বোকাজান মহকুমাৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৰ কাৰাগাঁৱৰ লালমাটিত আজি সন্ধিয়া আৰক্ষী আৰু এটা ৪-৫ জনীয়া দুৰ্বৃত্ত দলৰ মাজত সংঘটিত গুলীয়াগুলীৰ ঘটনাত এজন দুৰ্বৃত্ত নিহত হোৱাৰ লগতে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা ৭.৬৫ পিষ্টল উদ্বাৰ কৰে। বোকাজান মহকুমাৰ আৰক্ষী বিষয়াই জনোৱা অনুসৰি এক গোপন তথ্যৰ ভিত্তিত সীমান্তৰ উক্ত লালমাটি অঞ্চলত আৰক্ষীয়ে বাহৰ পাতিছিল ৷ আৰু সন্ধিয়া পাহাৰৰ ওপৰৰ পৰা নামি অহা দুৰ্বৃত্তৰ দলটোৱে আৰক্ষীৰ ওপৰত গুলীচালনা কৰাত আৰক্ষীয়েও তাৰ প্ৰত্যুত্তৰ দিয়াত এজন দুৰ্বৃত্ত গুৰুতৰভাবে আঘাত প্ৰাপ্ত হয় যদিও আনজন দুৰ্বৃত্ত পলাই যাবলৈ সক্ষম হয়। আঘাতপ্ৰাপ্ত দুৰ্বৃত্তটো বোকাজান চিকিৎসালয়লৈ অনা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ৷
Exit mobile version