মহাৰাষ্ট্ৰৰ জামাতী খাৰুপেটীয়াত আবদ্ধ হৈ থকাত তীব্ৰ প্ৰতিক্ৰিয়া

a6ae6f78 72af 11ea a661 3f092763af1a 1585595801255 1585596208365

দৰঙৰ খাৰুপেটীয়া থানাৰ অন্তৰ্গত কামাৰপাৰা গাঁৱত যোৱা ২৫ মাৰ্চৰ পৰা মহাৰাষ্ট্ৰৰ পৰা অহা ৯ জনীয়া জামাতিৰ দল এঘৰত আবদ্ধ হৈ থকাত অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি হয়। আজি এই অঞ্চলত খবৰ পোৱা মাত্ৰকে খাৰুপেটীয়া আৰক্ষী চক্ৰ বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ যুটীয়া দল এটা গৈ স্বাস্থ্য পৰীক্ষা কৰি সদ্যহতে একেটা ঠাইতে থাকিবলৈ পৰামৰ্শ দি আহে।

জামাতীৰ দলটোৱে জানিবলৈ দিয়া মতে বোম্বাইৰ পৰা যোৱা ১৩ ফেব্ৰুৱাৰীত ১০ জনীয়া জামাতীৰ দলটো আহি কলকাতাত আৰু ১৬ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হয়। একেটা দিনতে দলটো আহি খাৰুপেটীয়া কলেজ টাৰ্ণিঙৰ মছজিদত উপস্থিত হয়। তাৰ পিছতে খাৰুপেটীয়াৰ বিভিন্ন এলেকাত জামাতীৰ কামত ঘূৰি ফুৰে। যোৱা ১৩ মাৰ্চত এজন জামাতী পুনৰ উভতি যোৱাত বাকী ৯ জনীয়া দলটো ৰৈ যায়।

ইতিমধ্যে চৰকাৰে লক ডাউন ঘোষণা দলটো কামাৰপাৰাৰ ইয়াকুব আলীৰ ঘৰতে আবদ্ধ হৈ থাকে। মহাৰাষ্ট্ৰৰ পৰা অহা জামাতী কেইজন হ’ল দানিছ আলী, কফিল আলী, সমেশ্বৰ আলী, জায়েদ আলী, আজমাল, মোবাসীৰ, সানিউল্লা, হাবিবুৰ, আক্রাম আৰু চায়েড আলী। ইপিনে বহিঃ ৰাজ্যৰ উক্ত দলটো লকডাউনৰ পিছৰ পৰাই গাঁওখনত আবদ্ধ হৈ থকাৰ পিছতো গাওঁবুঢ়াই কোনো ধৰণৰ খবৰ নিদিয়াত ক্ষোভ প্ৰকাশ কৰে আৰক্ষী চক্ৰ বিষয়াই।

Exit mobile version