কৰ’নাত আক্ৰান্তৰ তিব্ৰেৱালৰ  পত্নীৰ যোগ প্ৰশিক্ষকসহ দৰঙৰ কৰ্মচাৰীক কোৱাৰেণ্টাইন

SPANISH GARDEN

ক’ভিড-১৯ ত আক্ৰান্ত মহানগৰীৰ চিৰিয়াখানা পথৰ স্পেনিছ গাৰ্ডেনৰ বাসিন্দা মণিষ তিব্ৰেৱালৰ সংস্পৰ্শলৈ অহা দৰঙৰ দুই কৰ্মচাৰীৰ  শ্লেষৰ নমুনা সংগ্ৰহ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে  জিলা স্বাস্থ্য বিভাগে | সোমবাৰে এক প্ৰেছ বাৰ্তাৰ  জৰিয়তে এই কথা জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰি কয় যে উক্ত কৰ্মচাৰী  দুগৰাকীৰ এগৰাকী তিব্ৰেৱালৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰী আৰু  আনগৰাকী তিব্ৰেৱালৰ পত্নীৰ যোগ প্ৰশিক্ষক হিচাপে নিয়োজিত আছিল । সম্প্ৰতি দুয়োগৰাকীকে জনাৰাম চৌকা আদৰ্শ চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৰখা হৈছে ।

ADVERTISEMENT
Exit mobile version