গোলাঘাট জিলাত কৃষকৰ দুৰ্দশা

vegetables
কৰ’নাক প্ৰতিহত কৰিবলৈ দিয়া তলাবন্ধৰ সময়ত  গোলাঘাট জিলাত থলুৱা কৃষকসকল সীমাহীন দুৰ্দশাত ভূগিছে ৷সম্প্ৰতি গোলাঘাটৰ শগুণপাৰা,ধনশিৰিপাৰ,ৰংদৈ আদি বৃহত্তৰ অঞ্চলত শ শ বিঘা মাটিৰ খেতিত শাক পাচলি গেলি পচি যোৱাৰ উপক্ৰম হৈছে। শ শ বিঘা মাটিত পৰি ৰৈছে বিলাহী,কবি,ৰঙালাও,আলু,বেঙেনা আদি ৷
এই ক্ষেত্ৰত চৰকাৰৰ পৰাও পোৱা নাই কোনো ধৰণৰ পদক্ষপ ৷আনহাতে উক্ত অঞ্চলসমূহত পৰ্যাপ্ত পৰিমাণৰ শাক পাছলি উৎপাদন হয় যদিও চৰকাৰে থলুৱা কৃষকসকলৰ সুবিধাৰ্থে এখন পৰিকল্পিত বজাৰ গঢ়ি তোলাৰ অৱকাশ হোৱা নাই। যাৰ কাৰণে মধ্যভোগী ব্যৱসায়ীৰ ওপৰত নিৰ্ভৰশীল হ’ব লগা হয় কৃষকসকল ।
সেয়েহে শগুণপাৰাৰ উদ্যমী কৃষক নবীন নাথে কৃষকসকলৰ সুবিধাৰ কাৰণে গোলাঘাট জিলাত এখন পাইকাৰী বজাৰ স্থায়ীভাৱে গঢ়ি তোলাৰ কাৰণে আহ্বান জনায় কৃষিমন্ত্ৰী অতুল বৰাক ৷য’ত কৃষকসকলে মুক্ত মনেৰে উৎপাদিত শাক পাচলি উচিত মূল্যত বিক্ৰী কৰিব পাৰিব ৷সম্প্ৰতি ৰাজ্য চৰকাৰে কৃষকসকলক উপকৃত কৰাৰ কাৰণে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষ্যণীয় হ’ব অনাগত দিনত ৷
Exit mobile version