সম্প্ৰতি কৰ’না ভাইৰাছক নিয়ন্ত্ৰণ কৰিবলৈ দিয়া লকডাউনৰ সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যস্ত আছে প্ৰশাসনে ৷ লক ডাউনৰ সময়ছোৱাত প্ৰশাসনৰ ব্যস্ততাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে কাজিৰঙাৰ চোৰাং চিকাৰীয়ে ৷ কিন্তু গড় হত্যা কৰি খৰ্গ বিক্ৰী কৰিবলৈ লোৱাৰ পৰিকল্পনাক সোমবাৰে কমাৰগাঁও আৰক্ষীয়ে ব্যৰ্থ কৰি গাগম ইকো নামৰ এটা দুধৰ্ষ চিকাৰীক গ্ৰেপ্তাৰ কৰে ৷ ইপিনে অসমৰ দুই প্ৰভাৱশালী চোৰাং চিকাৰীয়ে ভাড়াতীয়া হিচাপে আনিছিল বুলি বিস্ফোৰক স্বীকাৰোক্তি কৰে গ্ৰেপ্তাৰ কৰা চিকাৰী গাগমে ৷ অৱশ্যে তদন্তৰ খাতিৰত অসমৰ দুই চিকাৰীৰ নাম সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা নাই আৰক্ষীয়ে ৷ আনহাতে দুই প্ৰভাৱশালী চোৰাং চিকাৰীকো অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব বুলি জানিবলৈ দিয়ে কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ূৰজিত গগৈয়ে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গাগম ইকোৰ পৰা দুটা বন্ধুক, যথেষ্ট পৰিমাণৰ সক্ৰিয় গুলি,চোকা অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰিছে ৷
লকডাউনৰ সুযোগ লৈ কাজিৰঙাত গড় হত্যাৰ পৰিকল্পনা ব্যৰ্থ
-
By publisher

ADVERTISEMENT
- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONAVIRUSCovid-19FIGHT AGAINST COVID-19Kaziranga National ParkSTAY HOME STAY SAFE
Related Content
মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!
By
publisher
May 12, 2025
'দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য
By
publisher
May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
By
publisher
May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
By
publisher
May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
By
publisher
May 12, 2025