ৰূপহীহাট লাওখোৱাত ৰেছন কাৰ্ড নথকা পৰিয়ালৰ মাজত গ্ৰামোন্নয়নৰ ধন বিতৰণত খেলিমেলি

CORRUPTION

কভি’ড ১৯ প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা লক ডাউনৰ সময়ছোৱাত ৰেছন কাৰ্ড নথকা পৰিয়ালক চতুদৰ্শ বিত্তীয় আয়োগৰ কন্টিজেন্সী শিতানৰ পৰা ধন বিতৰণৰ নামত নগাওঁ জিলাৰ গ্ৰামোন্নয়ন বিভাগৰ অধীনস্থ ৰূপহীহাট আৰু লাওখোৱা উন্নয়ণ খণ্ডৰ মুঠ ২৫ খন গাঁও পঞ্চায়তত ব্যাপক খেলিমেলি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ পঞ্চায়ত প্ৰতিনিধি,সচিব আৰু যোগান বিভাগৰ এজেন্টে ৰেচন কাৰ্ড নথকা পৰিয়ালৰ তালিকা প্ৰস্তুত কৰি খণ্ড উন্নয়ন বিষয়াৰ পৰা অনুমোদন লৈ হিতাধিকাৰীৰ ঘৰত গৈ নগদ এহেজাৰ টকা আদায় দিয়াৰ বাবে নিৰ্দেশনা জাৰী কৰা হৈছিল । কিন্তু অধিকাংশ পঞ্চায়ত প্ৰতিনিধি আৰু এজেণ্টে দৰিদ্ৰ লোকক ব্যাপক হাৰত বঞ্চিত কৰি নিজৰ পৰিয়াল পৰিজনৰ নাম অন্তৰ্ভুক্ত কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

ইপিনে ৰূপহী পঞ্চায়তৰ সভাপতি হাৰুণ ৰচিদৰ  পৃষ্ঠপোষকতাত তৈয়াৰ কৰা তালিকাত দৰিদ্ৰ পৰিয়ালৰ পৰিৱৰ্তে আৰ চি চি বিল্ডিং থকা পৰিয়ালৰ লোকৰ নাম,সমাজৰ প্ৰভাৱশালী লোকৰ নাম আৰু ৰেচন কাৰ্ড থকা লোকৰ নাম অন্তৰ্ভুক্ত হোৱাত সকলোৰে চকু কপালত উঠিছে ৷ ইফালে এই বিষয়ে পঞ্চায়ত সচিব ৰুহুল আমিনৰ পৰা জানিব বিচৰাত মাত্ৰ এশ পৰিয়ালৰ বাবে ধন আৱন্টন দিয়াৰ বিষয়টো স্বীকাৰ কৰে। হাতীপুখুৰী পঞ্চায়ততো কন্টিজেন্সিৰ ধন অধিক ব্যয় কৰাৰ বাবে মাত্ৰ ৯৭ জন লোকক নগদ ধন আদায় দিয়া বুলি সচিবে স্বীকাৰ কৰিছে ৷

উল্লেখযোগ্য যে গ্ৰামোন্নয়ন বিভাগে লক ডাউনৰ পৰিপ্ৰেক্ষিতত পাঁচ হেজাৰৰ পৰা ১০ হেজাৰ জনসংখ্যা থকা পঞ্চায়তত ১৫০ জন আৰু ১০ হেজাৰতকৈ অধিক জনসংখ্যা থকা পঞ্চায়তৰ দুশ পৰিয়ালক নগদ ধন কটিজেন্সি শিতানৰ পৰা আদায় দিবলৈ নিৰ্দেশনা জাৰী কৰিছিল ৷

Exit mobile version