গুৰুতৰভাৱে আক্ৰান্ত দেশলৈ দৰব প্ৰেৰণ কৰিব ভাৰতে

PTI2 25 2020 000183B 1586054844

কৰ’না ভাইৰাছত আক্ৰান্তৰ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হৈছে হাইড্ৰ’ক্সিক্ল’ৰকুইন ৷ এই মাৰাত্মক ৰোগৰ আক্ৰমণত বিধ্বস্ত হৈ পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ পৰা এই দৰব বিচাৰিছে । ইয়াতে ক্ষান্ত নাথাকি ভাৰতে ঔষধ সৰবৰাহ নকৰিলে পৰিণাম ভুগিব লাগিব বুলি সকীয়াই দিবলৈ চেষ্টা কৰিছে । এইবিধ দৰব বা তাৰ উপাদান বিদেশলৈ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত চৰকাৰে ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰিছিল ৷ ইয়াৰ ট্ৰাম্পে এক প্ৰকাৰ ভাবুকি দি কয় যে দৰববিধৰ উৎপাদক ভাৰতে যদি ইয়াৰ যোগান তেওঁলোকক নধৰে তেন্তে প্ৰত্যুত্তৰ দিয়া হ’ব।

মংগলবাৰে ট্ৰাম্পে সাংবাদিকৰ আগত হুৱাইট হাউচত কয় “মই অবাক হ’ম যদিহে প্ৰধানমন্ত্ৰী মোদীয়ে এই সিদ্ধান্ত লয় ৷ কাৰণ ভাৰতৰ সৈতে আমেৰিকাৰ সম্পৰ্ক বহুত ভাল। মাৰ্কিন যুক্তৰাষ্ট্ৰৰলৈ দৰব আৰু চিকিৎসা সজুঁলি ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰিলে প্ৰত্যুত্তৰ দিয়া হ’ব। মই সিদ্ধান্ত ভাল পোৱা নাই। সেয়া মোদীৰ সিদ্ধান্ত বুলি মই শুনা নাই ৷ মই জানো যে কিছুমান দেশৰ ক্ষেত্ৰত এই সিদ্ধান্ত লোৱা হৈছে ৷ কালি মোদীৰ সৈতে কথা পাতিছিলো ৷ আমাৰ মাজত ভাল আলোচনা হৈছে ৷ দেখা যাওক এয়া কাৰ সিদ্ধান্ত ৷ বহু বছৰ ধৰি ভাৰতে বাণিজ্যৰ ক্ষেত্ৰত আমেৰিকাৰ পৰা সুবিধা পাইছে ৷” উল্লেখ্য যে ভাৰতে বিশ্বৰ জেনেৰিক দৰবৰ এক চতুৰ্থাংশ অধিক যোগান ধৰে ৷

টাম্পৰ প্ৰতিক্ৰিয়াৰ পিছত আজি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে কয় এই বিশ্ব মহামাৰীৰ মানৱীয় দিশলৈ চাই এই  সিদ্ধান্ত লোৱা হৈছে যে ভাৰতে যথোচিত পৰিমাণত পেৰাচিটেমল আৰু হাইড্ৰ’ক্সিক্ল’ৰকুইন আমাৰ ওপৰত নিৰ্ভৰশীল চুবুৰীয়া দেশসমূহলৈ সৰবৰাহত অনুমোদন দি ৷ তদুপৰি আমি যিসমূহ দেশ এই বিশ্ব মহামাৰীৰ ফলত অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে সেইসমূহ দেশলৈ এই জৰুৰীকালীন দৰব যোগান ধৰিম । অৱশ্যে ঘৰুৱা প্ৰয়োজনীয়তা পূৰণ হোৱাৰ পাছতহে এই দুইবিধ দৰবৰ ৰপ্তানিৰ বিষয়টো নিৰ্ভৰ কৰিব ৷ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে কয় বন্ধুত্ব মানে প্ৰতিশোধ হ’ব নোৱাৰে ৷ এই প্ৰয়োজনীয়তাৰ সময়ত ভাৰতে সকলো ৰাষ্ট্ৰক সহায় কৰা উচিত। কিন্তু প্ৰথমতে জীৱনদায়িনী দৰব ভাৰতীয়সকলৰ বাবে পৰ্যাপ্ত হ’ব লাগিব ৷ আনহাতে ট্ৰাম্পৰ মন্তব্যৰ গৰিহনা দিয়ে কংগ্ৰেছ সাংসদ শশী থাৰুৰে ৷

Exit mobile version