ঘৰুৱা পোছাকতেই পুৱাই দিছপুৰ বজাৰত যোগান মন্ত্ৰী 

IMG 20200408 WA0024
দেশজুৰি বলবৎ হৈ থকা লকডাউনৰ অচিলালৈ একাংশ অসাধু ব্যৱসায়ীয়ে খাদ্য – সামগ্ৰী দাম বৃদ্ধিৰ অভিযোগ উঠিছে | শেহতীয়াকৈ ৰাজ্যৰ যোগান বিভাগে খাদ্য সামগ্ৰীৰ দাম নিৰ্ধাৰিত কৰি দিছে | ইয়াৰ মাজতে বুধবাৰে পুৱা  ৰাইজৰ অভাৱ – অভিযোগৰ চৰজমিন বুজ ল’বলৈ ঘৰুৱা সাজেৰে  ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী  ফণীভূষণ চৌধুৰী উপস্থিত হয় দিছপুৰ চুপাৰ মাৰ্কেটৰ  পাচলি বজাৰত। খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ অহা ক্ৰেতাৰ স’তে মত বিনিময় কৰি মন্ত্ৰীজনে এই মহামাৰীৰ সময়ত বিক্ৰেতাসকলক খাদ্য-সামগ্ৰীৰ প্ৰকৃত মূল্যহে ল’বৰ বাবে আহ্বান জনায়। ইয়াৰ লগতে সকলোকে সামাজিক দুৰত্ব বজাই ৰাখি কৰ’নাক পৰাস্ত কৰিবলৈ  আহ্বান জনাই মন্ত্ৰীজনে।
ADVERTISEMENT
Exit mobile version