ৰোগে সাধাৰণতে সকলোকে গ্ৰাস কৰে । পুৰুষ ,মহিলা, শিশু, বৃদ্ধ সকলোৱে ৰোগৰ চিকাৰ হ’ব লাগে । কিন্তু বহুত সংখ্যাক ৰোগ লিঙ্গৰ লগত প্ৰভাৱিত। কিছুমান ৰোগ পুৰুষৰ তুলনাত নাৰী বেছিকৈ ভুক্ত ভুগি হয় । সেই ৰোগ সমূহ হ’ল-
ADVERTISEMENT
- অষ্টিঅ’আথ্ৰাইটিছ:- এই ৰোগৰ লক্ষণ হৈছে হাড়ৰ জোৰাৰ বিষ ।নাৰীৰ ক্ষেত্ৰত এই ৰোগ হোৱাৰ প্ৰৱণতা তিনি গুণ বেছি ।
- এলঝেইমাৰ ৰোগ:- আমেৰিকাৰ এক গৱেষণাৰ তথ্য অনুসৰি স্মৃতি শক্তি লোপ পোৱা এই ৰোগত আক্ৰান্ত দুই তৃতীয়াংশই নাৰী।মেন’পজৰ সময়ত হোৱা হৰম’নজনিত পৰিৱৰ্তনৰ সৈতে এই ৰোগৰ সম্পৰ্ক আছে ।
- ডিপ্ৰেছন:- পুৰুষৰ তুলনাত নাৰীৰ মাজত ডিপ্ৰেছনত ভোগৰ প্ৰৱণতা বেছি ।নাৰীৰ মাজত তুলনামূলক ভাৱে বেছি বায়’লজিকেল অৰিজিন্স থকাৰ ফলত নিউৰ’কেমিষ্ট্ৰী পৰিৱৰ্তনৰ বাবে বিষন্নতাত ভোগা সমস্যাটো নাৰীৰ মাজত বেছি ।
- হৃদৰোগ:- পুৰুষৰ তুলনাত নাৰীৰ ক্ষেত্ৰত হাৰ্ট এটেকত মৃত্যুৰ হাৰ অধিক ।যি নাৰীৰ হৃদৰোগ আছে তেওঁলোক তুলনামূলক ভাৱে অধিক অসুস্থ হৈ থকাৰ লগতে অন্যান্য ৰোগো তেওঁলোকৰ থাকে ।ইয়াৰ উপৰিও যিকোনো কাৰণতে বুকুৰ বিষ উঠিলেও অধিকাংশ নাৰীয়ে আওকান কৰে ফলত এই সমস্যাই দেখা দিয়ে ।
- ইউৰ’লজিকেল সমস্যা:- নাৰী আৰু পুৰুষৰ মূল দৈহিক গঠনতন্ত্ৰৰ পাৰ্থক্যৰ বাবেই নাৰীৰ ক্ষেত্ৰত ইউৰিনেৰী ট্ৰেক্ট ইনফেকছন,ব্লাড লিকিঙৰ দৰে সমস্যা সমূহ বেছি হয়।
- স্ট্রোক:- প্ৰতি বছৰে ৫৫হাজাৰৰ অধিক নাৰী স্ট্রোক হৈ মৃত্যু মুখত পৰে ।যিসকল নাৰীয়ে হ’ৰমন ৰিপ্লেছমেণ্ট থেৰাপী লয় আৰু গৰ্ভধাৰণ কৰে তেওঁলোকৰ স্ট্রোকৰ সমস্যাত বেছি ভোগ কৰে ।
- থাইৰয়েড :- আমেৰিকান থাইৰয়েড এছ’চিয়েছনে জনাইছে যে পুৰুষৰ তুলনাত নাৰী থাইৰয়েড জনিত সমস্যাই দেখা দিয়াৰ প্ৰৱণতা পাঁচ আঠ গুণ বেছি।