বৰ্তমান সকলোৰে এটা পৰিচিত শব্দ ‘কোৱাৰেন্টাইন ‘

home quarentine 20200319035010

‘কোৱাৰেন্টাইন’এই শব্দটো   বৰ্তমান সকলোৱে শুনি আছে।বাতৰি কাকত ,টেলিভিছন সকলোতে এই শব্দটো বহুলভাৱে প্ৰচাৰিত হৈ আছে । কিন্তু এই ‘কোৱাৰেন্টাইন ‘কি ?’কোৱাৰেন্টাইন’ শব্দ টোৰ অৰ্থ হৈছে এটা নিৰ্দিষ্ট সময়ৰ বাবে আছুতীয়াকৈ থকা ।

বৰ্তমান সমগ্ৰ বিশ্বতেই ভয়াবহ ৰূপ লৈছে ক’ৰনা ভাইৰাছে । বিশ্বৰ প্ৰায় ১১৪ খন দেশত সংহাৰী ৰূপ লৈছে এই ভাইৰাছ বিধে । ক’ৰনা ভাইৰাছৰ  প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ কোৱাৰেন্টাইনত থকাৰ নিৰ্দেশ দিয়া হৈছে । কোৱাৰেন্টাইন মানে কোনো বন্ধ ঘৰত  সম্পূৰ্ণ নিৰাপদ স্থানত থাকি প্ৰতিৰোধ মূলক ব্যৱস্থা  গ্ৰহণ কৰা । যদি কাৰোবাৰ শৰীৰত ক’ৰনা ভাইৰাছৰ উপসর্গই দেখা দিয়ে তেন্তে তেওঁক জনবহুল স্থানৰ পৰা দূৰত ৰাখিবলৈ আৰু ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ১৪দিনৰ বাবে পৃথকে ৰখাৰ ব্যৱস্থা কৰা হয় । এইদৰে পৰ্যবেক্ষণ ত নাৰাখিলে এই ৰোগ এজনৰ  পৰা আন এজনলৈ বিয়পি পৰিব  পাৰে ।

কৰ’নাৰ উপস্থিতি ১৪দিনৰ ভিতৰত আক্রান্তৰ শৰীৰত পোৱা যায়। যাৰ বাবে এই ১৪ দিনত উপসৰ্গ পোৱা ৰোগীৰ সংক্ৰমণ বাঢ়ে নেকি সেইয়া নিৰীক্ষণ কৰা হয় । এই কোৱাৰেন্টাইনত থকা সময়চোৱাৰ ভিতৰতে  নিয়মিত সময়ত শৰীৰৰ তাপমাত্ৰা পৰীক্ষা কৰা ,ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা লগতে স্বাস্থ্য বিধিৰ অনুশীলন কৰা হয়। ক’ৰনাত আক্ৰান্ত ৰোগী সকলে ব্যৱহাৰ কৰা টাৱেল,খোৱাৰ বাচন আদি নিত্য ব্যৱহাৰোপযোগী সামগ্ৰীৰ দ্বাৰাও এই ৰোগ এজনৰ পৰা  আন এজনলৈ বিয়পিব পাৰে । সেই বাবেও এই উপসৰ্গ পোৱা মানুহক কোৱাৰেন্টাইনত ৰখা হয়।

 

Exit mobile version