পুনৰ কমাৰ গাওঁ আৰক্ষীৰ জালত পৰিল দুধৰ্ষ গড় চিকাৰী 

IMG 20200407 WA0006

সমগ্ৰ ৰাজ্যত তলাবন্ধৰ সময়তে গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষীৰ এটা দলে গাগম ইকো নামৰ এটা দুৰ্ধৰ্ষ চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছত মাৰাথন জেৰা অব্যাহত ৰাখিছে  আৰক্ষীয়ে। অৰুণাচলী দুৰ্ধৰ্ষ গড় চিকাৰী ইকোৰ স্বীকাৰোক্তিত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ৷ গাগম ইকোৰ স্বীকাৰোক্তিৰ ভিত্তিতে কমাৰ গাওঁ আৰক্ষীৰ এটা দলে গহপুৰৰ পূৰ্বজ্যোতি কৃষিপামত অভিযান চলাই আজি পুনৰ দেৱজিৎ গগৈ নামৰ আন এটা দুৰ্ধৰ্ষ গড় চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষী বিষয়া চাহজাহান আলীয়ে জনোৱা মতে দেৱজিৎ গগৈ নিজেই গড় চিকাৰ কৰাৰ লগতে অৰুণাচল প্ৰদেশ,নাগালেণ্ড,মণিপুৰৰ উপৰি ম্যানমাৰ,চীন আদি দেশৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত গড়ৰ খৰ্গ বিক্ৰীৰ স’তে জড়িত এজন প্ৰভাৱশালী ব্যক্তিৰূপে পৰিচিত ৷ উল্লেখযোগ্য যে আৰক্ষীৰ জেৰাত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷

Exit mobile version