ব্যক্তিগত হাস্পতালত বিনামূলীয়া কৰ’না পৰীক্ষাৰ পোষকতা উচ্চতম ন্যায়ালয়ৰ

SupremeCourtofIndia

ব্যক্তিগত হাস্পতালসমূহত কৰ’না ভাইৰাছৰ পৰীক্ষা বিনামূলীয়া কৰাৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দিলে উচ্চতম ন্যায়ালয়ে। দেশৰ দৰিদ্ৰ লোকসকলৰ স্বাৰ্থৰ কথা মনত ৰাখিয়ে উচ্চতম ন্যায়ালয়ে আজি দিয়া এই পৰামৰ্শ বিবেচনা কৰিব কেন্দ্ৰই দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ ভিত্তিতে শীৰ্ষ আদালতে এই পৰামৰ্শ দিয়ে।

উল্লেখ্য যে ভাৰতত কৰ’না ভাইৰাছৰ পৰীক্ষাৰ সা-সুবিধাক কেন্দ্ৰ কৰি প্ৰশ্নৰ থল আছে। সমগ্র দেশত আঙুলিৰ মূৰত লেখিব পৰা চৰকাৰী আৰু বেচৰকাৰী হাস্পতালত ক’ভিড-১৯ সংক্ৰমণৰ পৰীক্ষা হয়। চৰকাৰী চিকিৎসালয় সমূহত পৰীক্ষা বিনামূলীয়া, কিন্তু ব্যক্তিগত খণ্ডৰ হাস্পতালত ৰোগীয়ে পৰীক্ষাৰ বাবে ৪৫শ টকা পৰ্য্যন্ত ভৰিবলগা হয়। অথচ সকলোৰে বাবে এই পৰিমাণৰ ধন দিয়াটো সম্ভৱ নহয়। এই সমস্যা দূৰ কৰিবলৈকে কেন্দ্ৰক নজৰবিহীন পৰামৰ্শ দি উচ্চতম ন্যায়ালয়ে কয় যে চৰকাৰী হাস্পতালৰ সমান্তৰালকৈ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহতো কৰ’না পৰীক্ষাৰ ব্যৱস্থা বিনামূলীয়া কৰিব লাগিব। এই ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহত যি আৰ্থিক ক্ষতি হ’ব সেয়া কেন্দ্ৰই পূৰণ কৰিব লাগিব।’ এই বিষয়ৰ এক আবেদনৰ শুনানিৰ পৰত ন্যায়াধীশ অশোক ভূষণ আৰু ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাটৰ খণ্ড বিচাৰপীঠে কেন্দ্ৰক এই পৰামৰ্শ দিয়ে।

অধিকাংশ চিকিৎসকে ধাৰণা কৰে যে ভাৰতত পৰীক্ষা কৰিব পৰা উপযুক্ত আন্তঃ গাথঁনি নথকাৰ বাবে কৰ’নাত আক্ৰান্তৰ সঠিক সংখ্যা এতিয়াও নিৰ্ধাৰণ কৰিব পৰা নাই। এই সমস্যা দূৰ কৰিবলৈকে কেইবাখনো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক কৰ’নাৰ বাবে সাজু কৰা হৈছে। কেন্দ্ৰই অৱশ্যে কৰ’না পৰীক্ষাৰ বাবে বেচৰকাৰী লেবত খৰছৰ মাত্ৰা নিৰ্ধাৰণ কৰি দিছে। কোৱা হৈছে যে চাৰি হেজাৰ পাঁচশ টকাৰ অধিক ধন কৰ’না পৰীক্ষাৰ বাবদ গ্ৰহণ কৰিব নোৱাৰিব। ইয়াৰ পৰিৱৰ্তে এই পৰীক্ষা একেবাৰে বিনামূলীয়া হোৱাটোৱেই বিচাৰিছে উচ্চতম ন্যায়ালয়ে।

Exit mobile version