কৰ’নাৰে যুঁজিবলৈ ১৫ হাজাৰ কোটি টকাৰ পেকেজ

modi 171

কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুজঁ দি থকা দেশৰ স্বাস্থ্য ব্যৱস্থাক উন্নত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১৫ হাজাৰ কোটি টকাৰ পাঁচ বছৰীয়া আঁচনিত অনুমোদন জনায়। এই আঁচনিৰ ধন এশ শতাংশই যোগান ধৰিব কেন্দ্ৰীয় চৰকাৰে। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পর্যায়ৰ স্বাস্থ্য সেৱাৰ ব্যৱস্থা শক্তিশালী কৰিবলৈ ক’ভিড-১৯ জৰুৰীকালীন সঁহাৰি আৰু স্বাস্থ্য ব্যৱস্থাৱলী প্ৰস্তুতকৰণ পেকেজ’ শীৰ্ষক আঁচনি খন তিনিটা পৰ্যায়ত ৰূপায়ন কৰা হ’ব। ২০২০ৰ জানুৱাৰীৰ পৰা ২০২০ৰ জুনলৈ, ২০২০ ৰ জুলাইৰ পৰা ২০২১ ৰ মাৰ্চলৈ আৰু ২০২১ ৰ এপ্ৰিলৰ পৰা ২০২৪ ৰ মাৰ্চলৈ আঁচনি ৰূপায়ণ কৰা হ’ব ।

সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মাজত এই পুঁজি ভগাই দিয়াৰ উপৰিও এই আঁচনিৰ অধীনত ক’ভিড-১৯ ৰ চিকিৎসাৰ বাবে উৎসৰ্গিত হস্পিতাল, আই চি ইউ আৰু অক্সিজেন যোগানৰ বাবে পুঁজি যোগান ধৰা হ’ব। প্ৰথম পৰ্যায়ত হাস্পতাল আৰু চৰকাৰী এম্বুলেন্স আদি বীজাণুমুক্ত কৰাৰ লগতে ব্যক্তিগত সুৰক্ষা সঁজুলি তথা এন-৯৫ মাস্ক ক্ৰয়ৰ বাবেও পুঁজি যোগান ধৰা হ’ব।

দেশৰ কৰ’নাৰ আতংকৰ ফলত বহু ৰাজ্যই পুঁজিৰ সংকটত ভোগাৰ লগতে অৰ্থনীতিও জুৰুলা কৰিছে। চলিত সপ্তাহতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৰাজ্যসমূহৰ দুর্যোগ সাহায্য পুঁজিলৈ ১১,০৯২ কোটি টকা মোকলাই দিয়ে। ইপিনে, দেশৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই বিশ্বজুৰি ভয়াবহ ৰূপ ধাৰণ কৰা মাৰাত্মক কৰ’না ভাইৰাছে ভৱিষ্যতৰ সময়ছোৱাত এক বিভীষিকাৰ দৰে ওলমি থাকিব বুলি কয় । দেশৰ মুদ্ৰাস্ফীতিটো প্ৰভাৱ পেলাব বুলি কৈ আৰ বি আয়ে কয় যে ২০২০-২১ বিত্তীয় বিত্তীয় বৰ্ষৰ শেষলৈ দেশৰ ৰেপ’ৰেট ৪.৬ শতাংশ হ’ব । তদুপৰি বিশ্বৰ অৰ্থনীতি মন্দাৱস্থাৰ দিশে আগুৱাইছে বুলিও সকীয়াই দিয়ে।

Exit mobile version