ঠগিলে চীনে : বিশ্বৰ বিভিন্ন দেশৰ চীনৰ বিৰুদ্ধে নিম্নমানৰ ‘টেষ্টিং কিট’ প্ৰেৰণৰ অভিযোগ 

ক’ৰনা ভাইৰাছৰ সংক্ৰমনে সমগ্ৰ বিশ্বকে কম্পমান কৰি ৰখাৰ সময়তে কে’বাখনো দেশে চীনৰ বিৰুদ্ধে অতি নিম্ন মানৰ ক’ৰনা পৰীক্ষণৰ ‘টেষ্টিং কিট’ আৰু ‘মাস্ক ‘যোগান ধৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিলে । পূৰ্বে স্পেইন চৰকাৰে অভিযোগ কৰি কৈছিল যে চীনত তৈয়াৰী তিনি লাখ ৪০হাজাৰ টেষ্টিং কিট দেশ খনে ক্ৰয় কৰিছিল যদিও ইয়াৰে ৩০শতাংশ কিটহে কাৰ্যকৰী প্ৰমাণিত হৈছে । উল্লেখ্য যে, পূৰ্বে স্পেইন ফিনলেণ্ড আদি দেশে চীনে অতি নিম্নমানৰ টেষ্টিং কিট যোগান ধৰিছিল বুলি অভিযোগ কৰিছিল ।

চীনত তৈয়াৰ কৰা ২০লাখ ছাৰ্জিকেল মাস্ক আৰু দুই লাখ ৩০হাজাৰ ৰেছপিৰেটৰ মাস্ক আমদানি কৰা হৈছিল যদিও এইবোৰ অতি নিম্নমানৰ হোৱাৰ বাবে ব্যৱহাৰৰ উপযোগী নহ’ল। টৰেন্টোৱে ও টুইট যোগে চীনৰ বিৰুদ্ধে অভিযোগ কৰি কয় যে চীনৰ পৰা ২০ডলাৰ মূল্যৰ ৬২ হাজাৰ মূল্যৰ মাস্ক ব্যৱহাৰৰ উপযোগী নোহোৱাৰ বাবে চীনলৈ ওভতাই পঠায় । নেডাৰলেণ্ডছ চৰকাৰে প্ৰকাশ কৰা মতে, চীনৰ পৰা যোৱা মাৰ্চত ৬লাখ টেষ্টিং কিট ক্ৰয় কৰিছিল যদিও এইবোৰৰ সৰহ সংখ্যকে আছিল নিম্নমানৰ আৰু অকামিলা । বিশ্বৰ প্ৰায়বোৰ দেশে এইদৰে অতি নিম্ন মানৰ টেষ্টিং কিট আৰু মাস্ক যোগান ধৰা বাবে চীনক দোষাৰোপ কৰিছে ।

 

Exit mobile version