ক’ভিড-১৯ ৰ মহাত্ৰাসৰ পৰিপ্ৰেক্ষিতত দেশজুৰি চলি থকা তলাবন্ধৰ বাবে এইবাৰ ৰাজ্যবাসীৰ মাজত ৰঙালী বিহুক লৈ নাই তিলমানো উল্লাস। ৰাজ্যৰ ভয়াবহ পৰিস্থিতিৰ বাবে এইবাৰ বিহুৱানখনৰ সলনি একোখনকৈ মাস্কহে উপহাৰ হিচাপে দিবলৈ সাজু হৈছে নগাওঁ জিলাৰ বহু মহিলা। জিলাখনৰ গ্ৰাম্যাঞ্চলত হেজাৰ হেজাৰ মহিলাই ইতিমধ্যে বৈ থোৱা গামোচাৰে তৈয়াৰ কৰি উলিয়াইছে গামোচাৰ মাস্ক। মহিলাসকলে এইবাৰ ৰঙালী বিহুৰ দিনা সামাজিক দূৰত্ব মানি আত্মীয়-স্বজনৰ লগতে ওচৰ চুবুৰীয়া অঞ্চলৰ আর্থিক ভাৱে দুৰ্বল পৰিয়ালৰ লোকক উপহাৰ দিব এই মাস্ক।
অন্যহাতে, জিলাখনৰ দলঙঘাট অঞ্চলৰ এক মহিলা গোটেও পাঁচ হেজাৰ মাস্ক তৈয়াৰ কৰি দৰিদ্ৰ লোকসকলক উপহাৰ দিব বুলি জানিব পৰা গৈছে। ইয়াৰোপৰি এইবাৰ লকডাউনৰ নিয়ম মানি চলি সমূহীয়াকৈ গৰুক গা-ধোৱাৰ পৰম্পৰাৰ পৰা দূৰত থাকি ঘৰতে গা ধোৱাব একাংশ ৰাইজে। লগতে চৰকাৰৰ নিৰ্দেশ অনুযায়ী জিলাখনৰ কোনো ঠাইতে বিহু উৎসৱৰ কাৰ্যসূচী অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লৈছে স্থানীয় ৰাইজে।