১৫ মে’লৈ বৃদ্ধি হ’ব পাৰে তলাবন্ধ

ranit

অহা ১৪ এপ্ৰিলত অন্ত পৰিবলগীয়া ২১ দিনীয়া দেশজোৰা তলাবন্ধ পুনৰ এমাহলৈ বৃদ্ধি হ’ব পাৰে। তলাবন্ধৰ ম্যাদক লৈ ব্যাপক চৰ্চা অব্যাহত থকাৰ মাজতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে তলাবন্ধৰ ম্যাদ ১৫ মে’লৈ বৃদ্ধিৰ সম্ভৱনা ব্যক্ত কৰে। এই সন্দৰ্ভত তেওঁ কয় যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা আৰু ৰাষ্ট্ৰীয় সংগঠনিক সম্পাদক বি এল সন্তোষৰ সতে এক ভিডিঅ’ কনফাৰেন্সত ভাগ লৈছিল আৰু তাত সভাপতি নড্ডাই দলৰ কৰ্মীসকলক ৰাইজক সহায়ৰ বাবে দীৰ্ঘদিনলৈ সাজু কৰাৰ পৰামৰ্শ দিছিল। সেই প্ৰসংগতে ৰাষ্ট্ৰীয় সভাপতি জনে ১৫ মে’ পর্যন্ত দলীয় কৰ্মীসকলক সাজু থাকিবলৈ কৈছিল। তাৰ ভিত্তিতে ১৫ মে’লৈ তলাবন্ধৰ ম্যাদ বৃদ্ধিৰ সম্ভৱনা ব্যক্ত কৰা বুলি দাসে প্ৰকাশ কৰে।

ADVERTISEMENT

ভৱানীপুৰ সমষ্টিত ব্যক্তিগত উদ্যোগত ১২শ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি তাৰ পিছত নিজৰ সৰভোগ সমষ্টিত গোৱাৰ্ধনা- খৈৰাবাৰী ৫,৯০০ টা পৰিয়ালৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ কৰে। অন্যহাতে, দাসৰ আহ্বানত বৰপেটা ৰোড প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত চহৰখনৰ কে’বাটাও ধৰ্মীয়, সামাজিক অনুষ্ঠান আৰু ব্যক্তিয়ে কৰ’না ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সাহাৰ্য নিধি তথা আৰোগ্য নিধিলৈ লগতে প্ৰধানমন্ত্ৰীৰ সাহাৰ্য নিধিলৈ ১৬ লক্ষাধিক টকা আগবঢ়ায়।

Exit mobile version