প্ৰতিগৰাকী ব্যক্তিয়ে যদি মাৰাত্মক কৰ’না ভাইৰাছৰ পৰা ৰক্ষা পাব বিচাৰে,তেন্তে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবই লাগিব ৷যিহেতু কৰ’না ভাইৰাছৰ কোনো ঔষধ নাই,সেয়ে ই মানৱ সমাজৰ বাবে ডাঙৰ প্ৰত্যাহ্বান,জীয়াই থকাৰ বাবে প্ৰত্যাহ্বান,জীৱন মৰণৰ প্ৰত্যাহ্বান আৰু ইয়াক যোগ্য প্ৰত্যুত্তৰ দিবলৈ সামাজিক দূৰত্ব বজাই ৰখাৰ বিপৰীতে আন কোনো বিকল্প নাই । গোৱালপাৰাত এইদৰে সাধাৰণ লোকক আহ্বান জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷
মুখ্যমন্ত্ৰীয়ে সকলোকে কৰ”না ভাইৰাছৰ ভয়াৱহতাৰ সন্দৰ্ভত বুজাই দি লগতে কয় যে সামাজিক দূৰত্ব বজাই নাৰাখিলে বিপদত পৰিব লাগিব ।উল্লেখযোগ্য যে কৰ’না ভাইৰাছ প্ৰতিহত কৰাৰ বাবে জিলা স্বাস্থ্য বিভাগে গ্ৰহণ কৰা পদক্ষেপৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গোৱালপাৰা আৰু দক্ষিণ শালমাৰা মানকাছাৰ জিলা ভ্ৰমণ কৰে ৷গোৱালপাৰা আৰু হাটশিঙিমাৰী চহৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট জিলা দুখনৰ প্ৰশাসনৰ মুৰব্বীসকলৰ স’তে পৰিস্থিতিৰ বুজ লয় ৷আৰু জিলাখনৰ প্ৰশাসনৰ মুৰব্বীসকলৰ স’তে পৰ্যালোচনা বৈঠকত মিলিত হোৱাৰ পিছত এখন সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ৷
সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে ক’ভিড১৯ য়ে আমেৰিকা,ইটালী,স্পেইনৰ দৰে দেশত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ।তেনে সময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে দিয়া তলাবন্ধক ল’ৰা ধেমালি বুলি ভবাটো বা উপলুঙা কৰাটো উচিত নহয়। যিসমূহলোকে তলাবন্ধক উলংঘা কৰিছে তেওঁলোকৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে আগন্তুক দিনত কঠোৰ সিদ্ধান্ত ল’ব মুখ্যমন্ত্ৰীয়ে ৷
ইপিনে বিগত সময়ত বেংকসমূহত যথেষ্ট ভিৰ হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় এয়া বিপজ্জনক ৷কিছু কষ্ট কৰি হ’লেও নিজৰ লগতে পৰিয়াল ততা সমাজক ৰক্ষা কৰিবলৈ তলাবন্ধৰ নীতি নিয়ম মানি চলি সামাজিক দূৰত্ব বজাই ৰাখিব বুলিও মুখ্যমন্ত্ৰীয়ে কয় ৷তলাবন্ধৰ সময়ত যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি বা মুল্য বৃদ্ধি নহয়,তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ৷ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী সোণোৱালে দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ সদৰ হাটশিঙিমাৰীতো জিলা প্ৰশাসনৰ স’তে মিলিত হৈ পৰিস্থিতিৰ বুজ লয় ৷
উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এক বৈঠকত মুখ্যমন্ত্ৰীয়ে কৰ’না প্ৰতিৰোধৰ ক্ষেত্ৰত জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপৰ পৰ্যালোচনা কৰে ৷উক্ত বৈঠকত জিলাখনৰ অন্তৰ্গত ভাৰত বাংলাদেশ সীমান্তত চোকা দৃষ্টি ৰাখিবলৈ তেওঁ উপায়ুক্ত আতিকা ছুলতানাক নিৰ্দেশ দিয়ে ৷আনকি সীমান্তৰ ন’ মেন্ছ লেণ্ড”তো যাতে এই সময়ছোৱাত কোনো কৃষকে কৃষিকাৰ্য কৰিবলৈ যাব নোৱাৰে ৷
তাৰ ব্যৱস্থা কৰিবলৈকো মুখ্যমন্ত্ৰীয়ে প্ৰশাসনক নিৰ্দেশ দিয়ে ৷এই ক্ষেত্ৰত সীমান্ত সুৰক্ষা বাহিনীৰ সৈতে সঘনাই যোগাযোগ স্থাপন কৰিবলৈকো তেওঁ নিৰ্দেশ দিয়ে ।আনহাতে পশুখাদ্য যোগান নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰী সোনোৱালে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অহা ১৪ এপ্ৰিললৈ দিয়া ২১ দিনীয়া তলাবন্ধ পালন কৰি সকলোকে নিজগৃহতে পৰিস্কাৰভাৱে থাকিবলৈ আহ্বান কৰে ৷