ক’ভিড১৯ৰ হটস্পট ৰূপে চিহ্নিত গুৱাহাটীৰ আঠগাঁৱৰ কবৰস্থান মছজিদত যোৱা ১২ মাৰ্চত অনুষ্ঠিত এখন বৈঠকত উপস্থিত থকা ১০০ গৰাকী লোকৰ ভিতৰত ছিপাঝাৰৰ ৩ জনক চিনাক্ত কৰা হৈছে ৷ উল্লেখযোগ্য যে দৰং জিলাৰ মুঠ ১০ অংশগ্ৰহণকাৰীৰ মাজত চিহ্নিত হোৱা ছিপাঝাৰৰ চেঙেলীয়াঝাৰ বাঘমাৰাৰ ৰেজাউল হক চৌধুৰী, দুমুনীচকীৰ খলিল আলি আৰু গৰুখুটি ৰূপৰীকাষৰ মজীৱৰ ৰহমান নিজ নিজ গৃহত সম্পূৰ্ণৰূপে আছুতীয়াকৈ থকাৰ পিছত কালি তিনিওকে প্ৰশাসনে ছিপাঝাাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় । চৰকাৰৰ নিৰ্দেশত স্বাস্থ্য বিভাগে আঠগাঁও মছজিদৰ বিশেষ সভা খনলৈ যোৱা এই তিনিও গৰাকী ব্যক্তিক চিকিৎসালয়ত আইছ’লেছনতোম ৰাখি চিকিৎসা তথা পৰীক্ষা নিয়মীয়াকৈ অব্যাহত ৰাখিব বুলি প্ৰশাসনৰ সূত্ৰে জনাইছে ৷ উল্লেখযোগ্য যে আঠগাঁও কবৰস্থান মছজিদৰ বৈঠকত উপস্থিত থকা কেইবাজনো লোকৰ দেহত ক’ভিড ১৯ ৰ উপস্থিতি ধৰা পৰাৰ উপৰি ইয়াৰে ৩ জন আক্ৰান্ত হৈছে। আনহাতে দিল্লীৰ নিজামুদ্দিন কাণ্ডৰ পিছত আঠগাঁও কবৰস্থান মছজিদৰ এই ঘটনাই ছিপাঝাৰবাসীক অধিক আতংকিত কৰি তুলিছে ৷
আঠগাঁও মছজিদৰ বৈঠকলৈ যোৱা ছিপাঝাৰৰ তিনি জনক চিনাক্ত
-
By publisher

ADVERTISEMENT
- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONACovid-19DELHI NIZAMUDDIN MARKAZFIGHT AGAINST COVID-19STAY HOME STAY SAFE
Related Content
কমেও ২৭ জন পৰ্যটকৰ মৃত্যু!
By
publisher
April 22, 2025
প্রযুক্তি ক্ষেত্ৰত সমগ্ৰ বিশ্বক মুক্ত প্ৰত্যাহ্বান, চীনত আৰম্ভ ১০ জি ইন্টাৰনেট
By
publisher
April 22, 2025
কন্যাৰ প্ৰসংগত এই কি ক'লে কাজলে ?
By
publisher
April 22, 2025
সলনি হ'ব জিপিএস নিৰ্ভৰ টোল ব্যৱস্থা!
By
publisher
April 22, 2025
মধ্য প্ৰদেশত দলঙৰ পৰা নদীত পৰিল গাড়ী,
By
publisher
April 22, 2025
পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণ,পৰ্যটকলৈ গুলীচালনা সন্ত্ৰাসবাদীৰ!
By
publisher
April 22, 2025