এম বি বি এছ পাঠ্যক্ৰমৰ প্ৰাৰম্ভিক পাঠ্যক্ৰম সম্পন্ন কৰা অৰ্দ্ধ শতাধিক শিক্ষাৰ্থী ৰাজস্থানৰ কোটাত আবদ্ধ

দেশত ক’ভিড-১৯ সংক্ৰমণ ৰোগ প্ৰতিৰোধ সন্দৰ্ভত চলি থকা তলাবন্ধৰ ফলত ৰাজস্থানত সম্প্ৰতি এম বি বি এছ প্ৰাৰম্ভিক পাঠ্যক্ৰম ‘নীট'(NEET) কোচিং সম্পন্ন কৰা ৰাজ্যখনৰ পঞ্চাশ গৰাকী শিক্ষাৰ্থী আবদ্ধ হৈ আছে। চিৰাঙৰ শিক্ষাৰ্থীৰ অভিভাৱক কাৰ্তিক দাসে জানিবলৈ দিয়া মতে, ৰাজস্থানৰ কোটাত কেবাটাও শিক্ষানুষ্ঠান, হোষ্টেলত পাঠ্যক্ৰম গ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ দহ মহীয়া পাঠ্যক্ৰম যোৱা ২০ মাৰ্চত সমাপ্তি ঘটিছে। ইয়াৰ পিছত শিক্ষাৰ্থী সকল ৰাজ্যখনৰ নিজ ঘৰলৈ উভতিবৰ বাবে উত্ৰাৱল হৈ পৰিছে। বিগত ২৩ মাৰ্চত বিমানৰ টিকট কৰা শিক্ষাৰ্থীসকল ঘৰলৈ উভতিছে যদিও ২৪ আৰু ২৫ মাৰ্চত আহিব লগা শিক্ষাৰ্থীসকল নিজ নিজ হোষ্টেলত থাকিবলগীয়া হয়।

ৰাজস্থানৰ কোটাত পাঠ্যক্ৰম সমাপ্ত কৰি আবদ্ধ হৈ থকা শিক্ষাৰ্থীৰ অভিভাৱক বিজনীৰ কাৰ্তিক দাসে অভিভাৱক সকলৰ সতে মিলিত হৈ ইতিমধ্যে বিজনী মহকুমাধিপতিৰ জৰিয়তে অসম চৰকাৰলৈ শিক্ষাৰ্থীসকলৰ থকা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে আবেদন জনায়। একেদৰে পাঠ্যক্ৰম শেষ হোৱাৰ পিছত আবদ্ধ হৈ থকা শিক্ষাৰ্থী সকলক নিজ নিজ ঘৰলৈ অনাৰ ব্যৱস্থা কৰিবলৈও অভিভাৱক সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষা, স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ চিৰাং জিলাৰ উপায়ুক্তৰ জৰিয়তে আবেদন জনায়।

Exit mobile version