কাইলৈ গৰু বিহু, বহু পৰিয়ালে সংগ্ৰহ কৰিব পৰা নাই ন-পঘা 

PicsArt 04 14 05.21.02

????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????????

বছৰটোৰ প্ৰতীক্ষাৰ অৱসান ঘটাই আকৌ আহিল হেঁপাহৰ ৰঙালী বিহু। পৰম্পৰা অনুসৰি অহা সোমবাৰে অৰ্থাৎ ১৩ এপ্ৰিলত গৰু বিহু। ইয়াৰ পিছদিনা পহিলা বহাগত মানুহৰ বিহু। কিন্তু কৰ’না ভাইৰাছে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহু আদৰিবলৈ কোনো প্ৰস্তুতি নাই ৰাজ্যত। পৰম্পৰা অনুসৰি গৰু বিহুত ৰাজ্যৰ প্ৰতিটো পৰিয়ালে পশুধনৰ শ্ৰীবৃদ্ধি কামনাৰে পুৱাতে লাও- বেঙেনা খুৱাই দীঘলতি-মাখিয়তীৰে খেদি নি ওচৰৰ নৈ, বিল, জান, জুৰিত নোৱাই- ধোৱাই সন্ধিয়া ন-পঘা উপহাৰ দিয়ে। চ’তৰ মাজভাগৰ পৰাই ৰাজ্যৰ কৃষিজীৱী পৰিয়ালত ন-পঘা যোগাৰ কৰাৰ প্ৰস্তুতি চলে। ৰাজ্যৰ ভালেসংখ্যক কৃষিজীৱী পৰিয়ালে নিজৰ ঘৰতে মৰাপাটেৰে ন-পঘা প্ৰস্তুত কৰে যদিও শেহতীয়াকৈ মৰাপাটৰ অভাৱত বহুসংখ্যক পৰিয়ালে গো-ধনৰ বাবে গৰু বিহুৰ পূৰ্বে বজাৰৰ পৰাই সংগ্ৰহ কৰে ন-পঘা। কিন্তু ঘৰতটো বাদেই ৰাজ্যৰ ভালেসংখ্যক পৰিয়ালে এইবেলি পৰম্পৰা ৰক্ষাৰ বাবেও গো-ধনৰ বাবে সংগ্ৰহ কৰিব পৰা নাই ন-পঘা।

বিশেষকৈ সমগ্র বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত দেশব্যাপী অব্যাহত থকা তলাবন্ধৰ বাবেই ৰঙালী বিহু আদৰাৰ বাবে ৰাজ্যত এইবাৰ প্ৰস্তুতি নাই। ইপিনে, কৰ’না ভাইৰাছৰ ভয়াবহতাৰ বাবে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিহু কমিটি সমূহে বিহুৰ সকলো অনুষ্ঠান বাতিল কৰিছে। অনুৰূপ ধৰণে অসম আন্দোলনৰ সময়ৰে পৰা সদৌ গুৱাহাটী ছাত্ৰ সন্থাই মহানগৰীৰ জজ খেলপথাৰত আয়োজন কৰি অহা মুকলি বিহুও এইবেলি প্ৰতিকূল পৰিস্থিতিৰ বাবে বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে ইয়াৰ মাজতো একাংশ নাচনীয়ে পৰম্পৰা ৰক্ষা কৰি ঘৰৰ ভিতৰতে বিহুগীতৰ তালে তালে এপাক নাচি নিজৰ মনক সান্তনা দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

Exit mobile version