ঘৰতে থাকি বিহু পালন কৰাৰ আহ্বান বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ 

bihu assam traditional foods
ক’ৰনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ঘোষণা কৰা তলাবন্ধ অব্যাহত থকাৰ বাবে এইবেলি ব’হাগ বিহু ঘৰতে থাকি পালন কৰিবলৈ বৰপেটা সত্ৰবাসী ৰাইজৰ লগতে অসমৰ ৰাইজলৈ আহ্বান জনাইছে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাৰ । বিহু বুলি তলাবন্ধ উলংঘা কৰি বৰপেটা  সত্ৰ বা কীৰ্তন ঘৰলৈ  নাহি ঘৰৰ পৰাই ঈশ্বৰক সেৱা জনাবলৈ তেওঁ ভক্তপ্ৰাণ ৰাইজক আহ্বান জনাইছে । অতীজৰ পৰম্পৰা অনুসৰি বৰপেটা সত্ৰত পূৰ্ণ ৰীতি-নীতিৰে সাতদিনীয়াকৈ ব’হাগৰ দোমাহী  পালন কৰি অহা হৈছে কিন্তু দেশজুৰি অব্যাহত থকা তলাবন্ধৰ লগতে  ক’ৰনাৰ সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিহু গণনাকে ধৰি বৰপেটা সত্ৰৰ দোমাহীৰ মূল কাৰ্যসূচী বাতিল কৰা হৈছে বুলি ইতিমধ্যে ঘোষণা কৰিছে ।
প্ৰতি বছৰে পহিলা ব’হাগৰ দিনটোৰ লগতে সমগ্ৰ ব’হাগ জুৰি সত্ৰত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি  সত্ৰ পৰিচালনা সমিতিয়ে বুঢ়া সত্ৰীয়াৰ জৰিয়তে সকলোকে সত্ৰলৈ অহাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে । কেৱল পৰম্পৰা ৰক্ষাৰ বাবে কৰিবলগীয়া সত্ৰৰ কাৰ্যসমূহো অতি সীমিত সংখ্যক ভকতৰ দ্বাৰাহে সমাপন কৰা হ’ব বুলি বশিষ্ঠদেৱ শৰ্মাই জনায়।সত্ৰ চৌহদত থকা শংকৰদেৱ শাস্ত্ৰ অধ্যায়ানাগাৰ আৰু মাধৱদেৱ শাস্ত্ৰ অধ্যায়ানাগাৰৰ নিতৌ সন্ধিয়া অনুষ্ঠিত ভাগৱত পাঠ অনুষ্ঠানো তলাবন্ধ ঘোষণাৰ দিনৰে পৰা বন্ধ হৈ আছে । সত্ৰৰ নিত্য ১৪প্ৰসংগ সত্ৰত থকা উদাসীন ভকত সকলে চলাই আছে ।লগতে সকলোকে চৰকাৰী নিৰ্দেশনা মানি ঘৰতে থাকিবলৈ আহ্বান জনাইছে বুঢ়া সত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাই।
Exit mobile version