লোকচানৰ গৰাহত উত্তৰ-পূৰ্বাঞ্চলৰ সবাতোকৈ বৃহৎ কলৰ বজাৰ

IMG 20200411 WA0031

‘তিনিশ ষাঠি জোপা/ ৰুবা কল/ মাহিলি মাহিলি/ চিকুণাবা তল/ পাত-পচলা লাভতে খাবা/ লংকাৰ বণিজ হাততে পাবা।’ এই আপ্তবাক্য শাৰী সাৰোগত কৰিয়ে পশ্চিম অসমৰ গোৱালপাৰা জিলাৰ শ শ যুৱকে বাণিজ্যিক ভিত্তিত কলৰ খেতি কৰি আহিছে। ইয়াকে কেন্দ্ৰ কৰি গোৱালপাৰাৰ দৰংগিৰিত গঢ় লৈ উঠিছে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত সবাতোকৈ বৃহৎ কলৰ বজাৰ। গোৱালপাৰাৰ দৰংগিৰি বজাৰৰ পৰাই গুৱাহাটী মহানগৰীকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানলৈ প্ৰতিনিয়ত ট্ৰাকে ট্ৰাকে সৰবৰাহ হয় বিভিন্ন প্ৰজাতিৰ কল। কিন্তু তলাবন্ধৰ সময়ৰে পৰা উকা হৈ আছে দৰংগিৰি বজাৰ। ফলত অঞ্চলটোৰ কৃষকসকলৰ শ শ জোপাৰ কল ইতিমধ্যে গছতে নষ্ট হৈছে। বিশেষকৈ, তলাবন্ধৰ সমান্তৰালকৈ জলবায়ুৰ প্ৰভাৱৰ বাবে কলৰ খেতিয়কসকলৰ অৱস্থা বাৰুকৈয়ে শোচনীয় হৈ পৰিছে।

গোৱালপাৰা ধনুভঙাৰ অন্যতম উদ্যমী যুৱক তথা কলৰ খেতিয়ক দেৱব্রত ৰাভাই কয় যে কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত অব্যাহত থকা তলাবন্ধৰ বাবে প্ৰায় ৩০ লাখ টকা মূল্যৰ কল ইতিমধ্যে নষ্ট হৈছে। তলাবন্ধ আৰম্ভ হোৱাৰ সময়তে প্ৰায় ১০ হেজাৰ জোপা কলৰ থোক কটাৰ সময় হৈছিল, কিন্তু পাইকাৰী ব্যৱসায়ীসকল আহিব নোৱাৰাৰ বাবে গছতে কলৰ থোকসমূহ পকিবলৈ ধৰে আৰু গৰমৰ বাবে এটা সময়ত এই কলসমূহ নষ্ট হৈ পৰে। শীতল ভঁৰাল নথকাৰ বাবে কলৰ খেতিয়কসকলে বৃহৎ লোকচানৰ সন্মুখীন হোৱাৰ কথা ব্যক্ত কৰি তেওঁ কয় যে অসমকে ধৰি সমগ্র উত্তৰ পূৰ্বাঞ্চলৰ গোৱালপাৰা জিলাৰ পৰাই সৰ্বাধিক কলৰ সৰবৰাহ হয়, কিন্তু আজি পৰ্যন্ত জিলাখনত কল মজুত ৰাখিব পৰাকৈ এটাও শীতল ভঁৰাল নাই। অথচ গোৱালপাৰাৰ ধনুভাঙা, ৰংজুলিকে ধৰি বিভিন্ন প্ৰান্তত প্ৰায় তিনিশৰো অধিক খেতিয়কৰ ডেৰ-দুইলাখ জোপা কল আছে।

‘ব্যক্তিগতভাৱে মই প্ৰায় দুশ বিঘা মাটিত ৩০ হেজাৰৰো অধিক জোপা কলৰ খেতি কৰিছো। মালভোগ, জাহাজী, মনোহৰ, চেনিচম্পাকে ধৰি বিভিন্ন প্ৰজাতিৰ কলেৰে বাগান ভৰি আছে, কিন্তু কটাৰ সময় পাৰ হোৱাৰ বাবে জাহাজী কলৰ ৮০ শতাংশ ইতিমধ্যে নষ্ট হৈছে। কেৱল মোৰেই নহয়, অঞ্চলটোৰ আন খেতিয়কসকলৰ কল গছতে পকি নষ্ট হৈ গৈছে।’ তেওঁ এইদৰে কয়। বৰ্তমানে থকা কলসমূহ যাতে নষ্ট হৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা জিলাৰ উপায়ুক্তৰ পৰা অনুমতি লৈ কাটিবলৈ কালিৰ পৰা আৰম্ভ কৰা বুলি উল্লেখ কৰি ৰাভাই কয় যে স্বাভাৱিক সময়ত পাইকাৰী  বিক্ৰেতাসকলে দৰংগিৰি বজাৰৰ পৰাই অঞ্চলটোৰ কল ক্ৰয় কৰি নিয়ে, কিন্তু তলাবন্ধৰ বাবে কোনো এজন পাইকাৰী বিক্ৰেতাই দৰংগিৰীলৈ  আহিবলৈ আগ্ৰহী নহয়। সেয়ে গছত থকা কলসমূহ নষ্ট হোৱাৰ আশংকাত উপায়ুক্তৰ অনুমতি লৈ নিজাববীয়াকৈ গুৱাহাটীলৈ কল সৰবৰাহ প্ৰক্ৰিয়া আৰম্ভ হৈছে। শীতল ভঁৰাল নথকাৰ বাবে খেতিয়কসকলে লোকচান ভৰি হ’লেও নিজাববীয়াকৈ এই ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হোৱা বুলি তেওঁ উল্লেখ কৰে।

Exit mobile version