২৪ ঘন্টাত সৰ্বাধিক এহেজাৰৰ অধিক লোক কৰ’ণাত আক্ৰান্ত

thumbs b c d41c2e76a2915f0abd41368eb7f7e440

ভাৰতত ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰিছে মাৰাত্মক কৰ’না ভাইৰাছৰ আক্ৰমণ ৷ তলাবন্ধৰ পাছতো দেশৰ সংক্ৰমণ কমাৰ কোনো লক্ষণ পৰিলক্ষিত নাই ৷ বিগত ২৪ ঘন্টাত ভাৰতত আক্ৰান্তৰ সংখ্যা এহেজাৰৰ অধিক হৈছে ৷দেশত এই পৰ্যন্ত আক্ৰান্তৰ সংখ্যা ৮৭৩০ জন আৰু মৃত্যু হৈছে ২৯৩ জনৰ ৷ এই পৰিপ্ৰেক্ষিতত দেশত তলাবন্ধৰ সময়সীমা বৃদ্ধিৰ বিষয়ে চিন্তা চৰ্চা চলিছে ৷বিশ্ব স্বাস্থ্য সংস্থায়ো আগতীয়াকৈ তলাবন্ধ প্ৰত্যাহাৰৰ ফলত সম্ভাব্য বিপদ সম্পৰ্কে সকীয়াই দিছে ৷ দেশৰ ভিতৰত মুম্বাইত কৰ’না ভাইৰাছে অধিক ভয়াৱহ ৰূপ লৈছে ৷

ৰাজ্যৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই এই পৰিস্থিতিত অহা ৩০ এপ্ৰিললৈ তলাবন্ধ বৃদ্ধিৰ বিষয়ে ঘোষণা কৰে ৷ একেদৰে তেলেংগানায়ো ৩০ এপ্ৰিললৈ তলাবন্ধ বৃদ্ধি কৰিছে ৷মহাৰাষ্ট্ৰত সৰ্বাধিক ১৮৯৫ জন আক্ৰান্ত হৈছে ৷ শেহতীয়া তথ্য অনুসৰি দেশৰ পৰা প্ৰতিখন ৰাজ্যতে কৰ’নাই জাল বিস্তাৰ কৰিছে ৷ মৃত্যুৰ হাৰ হৈছে আঠ শতাংশ। সমীক্ষা অনুসৰি সৰ্বাধিক মৃত্যুৰ হাৰ সম্পন্ন ৰাজ্যখন হৈছে পঞ্জাৱ,ইয়াত মৃত্যুৰ হাৰ ৮.৩ শতাংশ ৷ দ্বিতীয় স্থানত আছে মধ্যপ্ৰদেশ ৭.৫ শতাংশ, তৃতীয় স্থানত আছে ঝাৰখণ্ড ৭.১ শতাংশ, চতুৰ্থ স্থানত আছে মহাৰাষ্ট্ৰ ৬.৯ শতাংশ, ইয়াৰ পাছতে আছে গুজৰাট ৬.১ শতাংশ, পশ্চিমবংগ ৪.৩ শতাংশ, হিমাচল প্ৰদেশ ৩.৫ শতাংশ, অসম ৩.৪ শতাংশ, কৰ্ণাটক ২.৯ আৰু ওড়িছা ২.০ ৷ মহাৰাষ্ট্ৰ আৰু গুজৰাটত ইপিনে,সুস্থ হৈ উঠা লোকৰ সংখ্যা অতি কম ৷ এই ক্ষেত্ৰত আগস্থানত আছে ছত্তিছগড় ৷ইয়াৰ পাছত আছে মণিপুৰ, কেৰালা, হিমাচল প্ৰদেশ, হাৰিয়ানা, কৰ্ণাটক, গোৱা, উত্তৰাখণ্ড, পশ্চিমবংগ আৰু মহাৰাষ্ট্ৰ ৷

Exit mobile version