ৰাজ্যত পুনৰ ১৩ এপ্ৰিলৰ পৰা খোলা হ’ব সুৰাৰ বিপণীসমূহ ৷ পুৱা ১০ বজাৰ পৰা বিয়লি পাঁচ বজালৈকে খোলা থাকিব সুৰাৰ বিপণীসমূহ ৷ইফালে চৰকাৰৰ নিৰ্দেশানুযায়ী সামাজিক ব্যৱধান মানি চলিহে গ্ৰাহকে ক্ৰয় কৰিব পাৰিব সুৰা ৷ আনহাতে সুৰাৰ বিপনীসমূহত থাকিব লাগিব হেণ্ড ছেনিটাইজাৰ৷বিপনীসমূহত কৰ্মৰত লোকসকলে গ্ৰাহকক সুৰাৰ বটল,ধন আদান প্ৰদান কৰোতে হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব ৷ লগতে সুৰা বিপণীসমূহত কৰ্মৰতসকলৰ প্ৰতিও বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান কৰিছে প্ৰশাসনে। বিপনীসমূহত কেৱল সুবিধা অনুযায়ীহে সীমিত সংখ্যক বিক্ৰেতাইহে কাম কৰিব পাৰিব ৷ উল্লেখযোগ্য যে কৰ’না ভাইৰাচক প্ৰতিৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ২৪ মাৰ্চৰ পৰা দিয়া তলাবন্ধৰ কাৰণে ৰাজ্যৰ সুৰাৰ বিপনীসমূহ বন্ধ হৈ আছিল ৷
ৰাজ্যত ১৩ এপ্ৰিলৰ পৰা খোলা হ’ব সুৰাৰ বিপনী
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19STAY HOME STAY SAFE
Related Content
ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে
By
publisher
March 11, 2026
১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ
By
publisher
March 11, 2026
Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক
By
publisher
March 11, 2026
বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি
By
publisher
March 11, 2026
ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক
By
publisher
March 11, 2026
Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
By
publisher
March 11, 2026