গোৱালপাৰাৰ সিধাবাৰীত  আবদ্ধ হৈ পৰা পশ্চিমবংগৰ মুৰ্শীদাবাদৰ ১০ যুৱকৰ হাহাকাৰ

গোৱালপাৰাৰ জিলাৰ মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সিধাবাৰীত ব্যৱসায় সূত্ৰে আহি আবদ্ধ হৈ পৰা  পশ্চিমবংগৰ মুৰ্শীদাবাদৰ ১০ গৰাকী যুৱকৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । উল্লেখ্য যে পশ্চিমবংগৰ মুৰ্শীদাবাদৰ ক্ৰমে মমতাজ হুছেইন, খুদু সেখ, গোলাম মোৰছেলিম , বছিন সেখ , নুৰ হাছান, মিলন সেখ, ৰকি সেখ, ৰিফাত সেখ, আজগৰ সেখ আৰু সাগৰ সেখ নামৰ যুৱক কেইগৰাকীয়ে সিধাবাৰী গাওঁ পঞ্চায়তৰ সমীপত ঘৰভাড়া কৰি ট্ৰাঙ্ক বনোৱাৰ লগতে পাৰ্শ্বৱৰ্তি অঞ্চল সমুহত বিক্ৰী কৰি আহিছে । কিন্তু সমগ্ৰ দেশজুৰি যোৱা ২৪ মাৰ্চৰ পৰা আৰাম্ভ হোৱা তলাবন্ধ কাৰ্যসূচীৰ ফলত ব্যৱসায়ী সকলে কৰ্মহীন হৈ পৰে ।

মমতাজ হুছেইন নামৰ ব্যাক্তি গৰাকীয়ে কয় যে গুৱাহাটীৰ পৰা কেচাঁ সামগ্ৰী আনি ট্ৰাঙ্ক বনাই বিভিন্ন ঠাইত বিক্ৰী কৰি তেওঁলোকে কোনোমতে মূৰছিদাবাদত থকা পৰিয়াল পোহপাল দি আহিছিল । কিন্তু তলাবন্ধ কাৰ্যসূচীৰ ফলত তেওঁলোকৰ ব্যৱসায় সম্পূর্ণৰূপে বন্ধ হৈ পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । অন্যহাতে বন্ধৰ সময়ছোৱাত উপাৰ্জন শূন্য হৈ পৰাত তীব্ৰ খাদ্য সংকটত ভুগিবলগীয়া হয় লোক কেইগৰাকীয়ে । পিছত সিধাবাৰী গাওঁ পঞ্চায়তৰ সভাপতি হবিবৰ ৰহমানে ব্যাক্তিগত ভাৱে কিছু সাহায্য আগবঢ়োৱাত লোক কেইগৰাকীয়ে কিছু পৰিমাণে সকাহ পায় ।

ইপিনে লোক কেইজনকৰ দুৰ্দশাৰ বিষয়ে অৱগত হৈ স্থানীয় লাটৰ দায়িত্বত থকা লাট মণ্ডল আনিছুল হুছেইনে ব্যাক্তিগত ভাৱে আজি তিনি হাজাৰ টকা ব্যয়েৰে খাদ্য সামগ্রী ক্রয় কৰি যোগান ধৰে । দূৰ্ভগীয়া লোক সকলক প্ৰয়োজনীয় সাহায্য প্ৰদানৰ লগতে মূৰছিদাবাদলৈ যোৱাৰ সুব্যৱস্থা কৰি দিবলৈ গোৱালপাৰা জিলা প্ৰশাসনৰ লগতে ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে । ইপিনে কৃষ্ণাইৰ নিকটবৰ্ত্তী গুৰিয়া ৰামপুৰত আবদ্ধ হৈ থকা পশ্চিমবংগৰ মুৰ্শীদাবাদৰ ৮ গৰাকী শ্ৰমিকক লাট মণ্ডল গৰাকীয়ে যোৱা ১৩ এপ্ৰিলত  অত্যাৱশ্যকীয় খাদ্য সামগ্রী যোগান ধৰা বুলি জনা গৈছে ।

Exit mobile version