সমগ্ৰ দেশতে চলি থকা লক্-ডাউনৰ সময়ছোৱাতে ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰ নিৰ্মাণৰ প্ৰকল্প আৰম্ভ হ’ব : নিতিন গাডকাৰী 

161292 gafb 1

কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীয়ে ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্র দেশত লক্-ডাউন চলি থকাৰ সময়তে খালি হৈ থকা ৰাষ্ট্ৰীয় ঘাইপথসমূহ পুনৰ নিৰ্মাণৰ পৰিকল্পনা হাতত লৈছে। পি টি আইৰ সৈতে হোৱা এক বাৰ্তালাপত তেঁও কয় যে, ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ প্ৰকল্পৰ কাম পুনৰ আৰম্ভ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰা হৈছে।

কেন্দ্ৰীয় গড়কাপ্তানী মন্ত্ৰী গাডকাৰীৰ মতে পথ আৰু ঘাইপথ পৰিবহণ মন্ত্ৰীয়ে জনাইছে যে, প্ৰবজনকাৰী শ্ৰমিক সকলৰ দ্বাৰা পথসমূহ পুনৰ নিৰ্মাণৰ কাম কিদৰে আৰম্ভ কৰিব পৰা যায় সেইয়া জিলা উপায়ুক্ত সকলে বিচাৰ বিবেচনা কৰি আছে। তেওঁ লগতে কয় যে যথোপযুক্ত নীতি নিয়ম মানি চলাটো নিতান্তই প্ৰয়োজনীয়। মোৰ ইতিমধ্যেই পথ আৰু পৰিবহণ বিষয়া সকলৰ সৈতে আলোচনা হৈছে । যিসমূহ ঠাইত ক’ৰণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে যথোপযুক্ত ব্যৱস্থাসমূহ ঠিক কৰা  হৈছে, তাত নিৰ্মাণৰ কাম সমূহ পুনৰ আৰম্ভ কৰিব পৰা হব । আমি সকলোৱে নীতি নিৰ্দেশনা সমূহ মানি চলিব লাগিব। কিছুমান ঠাইত উপায়ুক্তসকলক অনুমতি দিয়া হৈছে অন্যহাতে কিছু ঠাইত দিয়া হোৱা নাই । আমি ইয়াৰ  লগতে বিভিন্ন ৰাজ্যৰ মুখ্য সচিবৰ পৰামৰ্শ অনুধাৱন কৰি আছো।

Exit mobile version