ইতিপূৰ্বে প্ৰদান কৰা যান বাহনৰ অনুমতি পত্ৰৰ ম্যাদ বৃদ্ধি প্ৰশাসনৰ 

HIGHWAY
অত্যাৱশ্যকীয় আৰু জৰুৰীকালীন সেৱাত ব্যৱহৃত যান বাহনৰ ক্ষেত্ৰত ইতিপূৰ্বে প্ৰদান কৰা অনুমতি পত্ৰৰ ম্যাদ অহা তিনি মে’লৈকে বৃদ্ধি কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে দিয়া দ্বিতীয় পৰ্যায়ৰ তলাবন্ধৰ অহা তিনি মে’লৈকে বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰথম পৰ্যায়ৰ তলাবন্ধৰ সময়ত প্ৰদান কৰা অনুমতি পত্ৰৰ ম্যাদ বৃদ্ধি কৰা বুলি প্ৰশাসনৰ এক সূত্ৰই জনায়। ইয়াৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাৰ প্ৰতিলিপি মহানগৰ আৰক্ষী আয়ুক্ত আৰু যান বাহন আৰক্ষী আয়ুক্তলৈ প্ৰেৰণ কৰা বুলিও সূত্ৰটোৱে জানিবলৈ দিয়ে ৷
ADVERTISEMENT
Exit mobile version