কোকৰাঝাৰ আৰক্ষীয়ে আৰম্ভ কৰিলে সমুহীয়া ভোজনালয়

IMG 20200416 WA0165
তলাবন্ধত দুখীয়া নিচলা,পথচাৰীৰ খাদ্যৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা কোকৰাঝাৰ আৰক্ষীয়ে মুকলি কৰিছে সমুহীয়া ভোজনালয় ৷ কোকৰাঝাৰ সদৰ থানাৰ সন্মুখত ভোজনালয় মুকলি কৰাৰ পিছতে দুখীয়া নিচলা পথচাৰীসকলে এসাজ তৃপ্তিৰে খোৱা পৰিলক্ষিত হয় । দুখীয়া নিচলা,ভিক্ষাৰী,পথচাৰীৰ বাবে আনুষ্ঠানিক ভোজনালয় মুকলি কৰাৰ উপৰিও কোকৰাঝাৰ আৰক্ষীয়ে আজি কোকৰাঝাৰ সদৰ চহৰত মাস্ক আৰু চেনিটাইজাৰ ৰাইজৰ মাজত বিতৰণ কৰে ৷ সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কোকৰাঝাৰ আৰক্ষীয়ে তলাবন্ধ নমনাসকলৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে ৷
কোকৰাঝাৰৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে কয় যে তলাবন্ধৰ পৰিণতিত যিসকল লোকে খোৱা বোৱাত অসুবিধা পাইছে তেওঁলোকে এতিয়াৰে পৰা বিনামূলীয়াভাৱে কোকৰাঝাৰ আৰক্ষীয়ে মুকলি কৰা ভোজনালয়ত তৃপ্তিৰে এসাজ খাব পাৰিব ।তলাবন্ধৰ অন্ত নপৰালৈকে ভোজনালয় মুকলি থাকিব বুলি মন্তব্য কৰি আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনি কোকৰাঝাৰ আৰক্ষীয়ে ইতিমধ্যে ১০ হাজাৰ আৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা বুলি সদৰী কৰে ।ইপিনে কোকৰাঝাৰ জিলা গ্ৰীণজ’ন বুলি ঘোষিত হোৱাৰ পিছতে একাংশ লোক সামাজিক দূৰত্ব পৰিহাৰ কৰি বাহিৰলৈ ওলাই অহা দেখা যায় । আৰক্ষীয়ে তলাবন্ধ ভংগ কৰা সকলৰ বিৰুদ্ধে কঠোৰ  কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে আৰু একাংশ গাড়ী, মটৰ, মটৰচাইকেল জব্দ কৰিছে। কোকৰাঝাৰৰ আৰক্ষীৰ দ্বাৰা ভোজনালয় মুকলি কৰা কাৰ্যসূচীত অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভা,অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজীৰাণী শৰ্মা, কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনন্দ বসুমতাৰীকে ধৰি জিলাখনৰ আন আৰক্ষী বিষয়াসকল উপস্থিত থাকে ৷
Exit mobile version