কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ অসমতো এই ভাইৰাছত আক্ৰান্ত হৈছে ৩২ জনকৈ লোক। সম্প্ৰতি কৰ’না ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছে পুনৰ তিনিজন ব্যক্তি ৷ কৰ’নাত আক্ৰান্ত হৈ সুস্থ হৈ উঠা খবিৰুদ্দিন আহমেদে,ছাজাহান আলি আহমেদ আৰু ইউচুফ আলিৰ লগতে আৰু দুজন সুস্থ হৈ উঠা ৰোগীক গোৱালপাৰাৰ চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় বুলি সদৰি কৰে চিকিৎসালয় কৰ্তৃপক্ষই ।আনহাতে গোলাঘাট হাস্পতালত চিকিৎসাধীন হৈ থকা ১০জন কৰ’না আক্ৰান্ত ৰোগীক ঘৰলৈ যাবলৈ দিয়া হ’ব বুলি ব্যক্ত কৰে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ কাালি দুুুজনক যাবলৈ দিয়া হৈছিল।
উল্লেখযোগ্য যে সম্প্ৰতি অসমত কৰ’না ভাইৰাছত আক্ৰান্ত হৈ ২৬ জন লোক চিকিৎসাধীন হৈ আছে ৷ মৃত্যু হৈছে এজনৰ ৷