ক’ৰনা ভাইৰাছ প্ৰতিৰোধৰ যুঁজত অৱতীৰ্ণ হৈছে ভূত 

Indonesia virus Reuters

ক’ৰনা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত বিশ্বৰ প্রায় সকলো দেশেই ‘সামাজিক দূৰত্ব’ বৰ্তাই ৰখাৰ পদক্ষেপ গ্ৰহণ কৰিছে । তৎসত্বেও বহু দেশৰ আৰক্ষীয়ে অকাৰণত বাহিৰলৈ ওলোৱা মানুহক চম্ভালিবলৈ হাবাথুৰি খাইছে । সেইবাবেই এতিয়া সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ দায়িত্ব গ্ৰহণ কৰিছে ভূতে। অৰ্থাৎ অকাৰণত মানুহ ঘৰৰ পৰা ওলালেই অশৰীৰী আত্মাৰ কবলত পৰিব লাগিব। ক’ৰনা ভাইৰাছ প্ৰতিৰোধৰ বাবে ইন্ডোনেছিয়াৰ আৰক্ষীয়ে এতিয়া ভূতৰ সহায় ল’ৱলৈ বাধ্য হৈছে । ইন্ডোনেছিয়াৰ জাভা দ্বীপৰ কেপু গাঁৱৰ ৰাস্তাত এদল ভূতে টহল দি মানুহক গৃহবন্দী কৰি ৰাখিবলৈ অহৰহ চেষ্টা চলাই আছে।

ইন্ডোনেছিয়াৰ প্ৰচলিত লোককাহিনী অনুসৰি ,বগা কাপোৰেৰে সমগ্ৰ শৰীৰ মেৰিয়াই থোৱা ভূতক ‘পোকং’ বুলি কোৱা হয় । এপ্ৰিলৰ আৰম্ভণিৰ পৰাই আৰক্ষীৰ সহায়ত কেপু গাঁৱৰ এদল যুৱকে মুখত পাউডাৰৰ ডাঠ প্ৰলেপ লগাই, চকুত ক’লা ৰং সানি, বগা কাপোৰ সমগ্ৰ শৰীৰতে মেৰিয়াই অকাৰণত ঘৰৰ বাহিৰলৈ ওলাই অহা  মানুহক ভয় খুৱাই সুমুৱাই আছে। কেপু গাঁৱৰ যুৱকসকলৰ এটা অনুষ্ঠানৰ সভাপতি আনজাৰ পানকৰিংটেছে কয়, ‘সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বাবে আমি পৃথক কিবা এটা কৰাৰ মানসেৰেই এই পদক্ষেপ হাতত লৈছো । এটা আতংকময় পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছো । কিয়নো ‘পোকিং’ হৈছে ভৌতিক আৰু ভয়ংকৰ।

উল্লেখ্য যে ক’ৰনা ভাইৰাছ প্ৰতিৰোধৰ বাবে ইন্ডোনেছিয়াৰ প্ৰধানমন্ত্ৰী জেকো উইদ’দ’ৱে দেশখনত তলাবন্ধৰ পদক্ষেপ গ্ৰহণ কৰা নাই । ইয়াৰ পৰিৱৰ্তে তেওঁ দেশখনৰ নাগৰিকক সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকি স্বাস্থ্য সুৰক্ষিত কৰি ৰাখিবলৈ আহ্বান জনাইছে।

Exit mobile version