তলাবন্ধৰ মাজতে এখন চাহ বাগিচাত বিলুপ্তপ্ৰায় হলৌ বান্দৰৰ বিচৰণ

THELAMARA MONKEY

কৰ’না ভাইৰাছক প্ৰতিৰোধৰ কাৰণে দিয়া তলাবন্ধৰ সমান্তৰালকৈ প্ৰকৃতিৰ মাজত মুক্ত মণে বিচৰণ কৰিছে জীৱ জন্তু,চৰাই চিৰিকতিসমূহে। সম্প্ৰতি ঢেকিয়াজুলিৰ মনোবাগ চাহ বাগিচাত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে দুস্প্ৰাপ্য হলৌ বান্দৰে ৷ বিলুপ্তপ্ৰায় হলৌ বান্দৰক বাগিচাখনৰ চাহ শ্ৰমিকসকলে মৰমতে ৰাম ভক্ত হনুমান বুলি মাতে৷ এজাক  হলৌ বান্দৰৰ কলৰবে ঢেকিয়াজুলিৰ মনোবাগ চাহ বাগিচাত এক অনন্য মাত্ৰা প্ৰদান কৰিছে । ইপিনে তলাবন্ধৰ সময়তে মনোবাগ চাহবাগিচত জন্ম হৈছে এটি হলৌ বান্দৰৰ পোৱালি ৷ তথ্য অনুযায়ী চাহ বাগিচা কৰ্তৃপক্ষ আৰু বাগিচাখনৰ শ্ৰমিকসকলে কোনো হানি বিঘিনি নকৰাত বাগিচাখনত মুক্ত মনে ঘুৰি ফুৰিছে হলৌ বান্দৰৰ জাকটো ৷ আনহাতে ইতিমধ্যে বিলুপ্তিৰ পথত অগ্ৰসৰ হোৱাৰ সময়তে বাগিচাখনত হলৌ বান্দৰৰ সংখ্যা হ’ব প্ৰায় ৭০ টা।

ADVERTISEMENT

উল্লেখযোগ্য যে দৈনিক অগ্ৰদূতৰ আগত স্থানীয় যুৱক গোবিন্দ তাঁতীয়ে কয় যে চাহ বাগিচাখনৰ কাষতে থকা সোনাই ৰূপাই অভয়াৰণ্যখন ধ্বংস হোৱাৰ পিছতেই দুস্প্ৰাপ্য হলৌ বান্দৰে চাহ বাগিচাখনত আহি থিতাপি লৈছিল । চাহ শ্ৰমিকসকলেও প্ৰকৃত প্ৰেমৰ নিৰ্দশন দাঙি ধৰি কোনো দিনে হানি বিঘিনি নকৰা বাবেই হলৌ বান্দৰে ইয়াত মুক্ত মনে বসবাস কৰি আহিছে ৷ উল্লেখ্য যে হলৌ এটা লুপ্তপ্ৰায় বন্যপ্ৰাণী ৷ ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইন অনুসৰি হলৌ বান্দৰে ১ নং তালিকাভুক্ত প্ৰাণী ৷ হলৌ বান্দৰক ধৰা,মৰা বা কিনা বেচা কৰা আনকি ঘৰতে আৱদ্ধ কৰি ৰখা আইন মতে দণ্ডনীয় ৷ বনাঞ্চল ধ্বংসৰ পিছত ঢেকিয়াজুলিৰ এইখন বাগিচাৰ সেউজীয়া জীৱন সংগ্ৰামৰ মাজত বিলুপ্তপ্ৰায় হলৌ বান্দৰৰ বিচৰণস্থলীলৈ পৰিণত হৈছে ৷

 

Exit mobile version