পূৱ গোৱালপাৰাৰ সিধাবাৰীৰ নয়াপাৰাত পচিছে সহস্ৰাধিক শাক পাচলি

matia chilly

বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা মাৰাত্মক কৰ’না ভাইৰাছক প্ৰতিৰোধৰ স্বাৰ্থত ২৪ মাৰ্চৰ পৰা কেন্দ্ৰীয় চৰকাৰে দিয়া তলাবন্ধৰ ফলত স্বাভাৱিক জীৱন যাত্ৰাৰ লগতে সকলো হাট বজাৰত ব্যাপক প্ৰভাৱ পৰিছে ৷ যাৰ কাৰণে উপযুক্ত বজাৰৰ অভাৱত গোৱালপাৰা জিলাৰ উৎপাদিত কৃষিজাত সামগ্ৰী বিশেষকৈ শাক পাচলিসমূহ পথাৰতে পচিবলৈ ধৰিছে ৷ এই সন্দৰ্ভত হাবুৰীপাৰাৰ ছাইৰুদ্দিন সেখ নামৰ কৃষকগৰাকীয়ে কয় যে তলাবন্ধৰ কাৰণে তেওঁৰ প্ৰায় ২৪ বিঘা কৃষি ভূমি পচিবলৈ ধৰিছে ৷ চলিত বৰ্ষত ছাইৰুদ্দিনে ১৬ বিঘা ভূমিত কেঁচা জলকীয়া, ২ বিঘা ভূমিত তিতাকেৰেলা আৰু ৬ বিঘা ভূমিত জিকা ভোলৰ খেতি কৰিছিল ৷ ব্যতিক্ৰম নহয় ছাইৰুদ্দিনৰ ভাতৃ বাহাৰুদ্দিন সেখ আৰু ছছায়েদ আলী। বাহাৰুদ্দিনে প্ৰায় ১০ বিঘা ভূমিত শাক পাছলিৰ খেতি কৰিছিল ৷

আনহাতে ছায়েদে প্ৰায় ১২ বিঘা ভূমিত শাক পাচলিৰ খেতি কৰিছিল ৷ ইপিনে অঞ্চলটোৰ প্ৰায় শতাধিক কৃষকে বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ উন্নত জাতৰ বীজ ক্ৰয় কৰি আনি প্ৰতি বিঘা খেতিত প্ৰায় ৩০-৪০ হাজাৰ টকাকৈ ব্যয় কৰিছিল । তলাবন্ধৰ পূৰ্বে কৃষকসকলে দৈনিক গুৱাহাটী আৰু শিলিগুৰিলৈ শাক পাচলি ৰপ্তানি কৰিছিল ৷ সম্প্ৰতি কোনো ধৰণৰ বিভাগীয় সহায় সহযোগিতা অবিহনে মূৰৰ ঘাম মাটিত পেলাই উৎপন্ন কৰা শাক পাচলিসমূহ বিক্ৰী কৰিব নোৱাৰি কৃষকসকলে হাহাঁকাৰ কৰি ফুৰিছে ৷ গতিকে বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য কৰি চৰকাৰ তথা জিলা প্ৰশাসনক কৃষকে উৎপাদিত শাক পাচলিসমূহ বিক্ৰী কৰাৰ সুবিধা কৰি দিয়াৰ বাবে কৃষকসকলে অনুৰোধ জনাইছে। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা হাতত ল’ব সেয়া হ’ব লক্ষ্যণীয় ৷

 

Exit mobile version