স্বাস্থ্যকৰ্মীকে পুত্ৰ বুলি ভুল কৰিলে কৰ’নাত আক্ৰান্ত বৃদ্ধাই

Screenshot 20200416 165644

হাস্পতালৰ বিৰুদ্ধে চিকিৎসাত গাফিলতি, দুৰ্নীতিৰ অভিযোগ প্ৰায়েই উত্থাপিত হোৱা পৰিলক্ষিত । কিন্তু কৰ’না ভাইৰাছৰ আতংকময় পৰিবেশত এই ছবিখনেই যেন দ্ৰুতগতিৰে সলনি হৈ পৰিছে ৷ আতংকিত মানুহৰ বাবে এতিয়া জীৱন্ত ঈশ্বৰ হৈ পৰিছে চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকল ৷ ঠিক সেইদৰে চিকিৎসক বা স্বাস্থ্যকৰ্মীসকলো ৰোগীৰ ক্ষেত্ৰত অধিক সংবেদনশীল হৈ পৰিছে ৷ তেনে এক দৃশ্য সম্প্ৰতি ভাইৰেল হৈছে সামাজিক মাধ্যমত ৷ মূৰৰ পৰা ভৰি পৰ্যন্ত পিপিই ৰে ঢাক খোৱা এজন স্বাস্থ্যকৰ্মীৰ কোলাত মূৰ থৈ নিশ্চিন্তমনে শুই আছে এগৰাকী বৃদ্ধা ৷ সেই স্বাস্থ্যকৰ্মীজনেও পৰম যত্নৰে বৃদ্ধাক শুৱাবলৈ যত্ন কৰিছে ৷ কিন্তু বিছনাত নহয় দুয়ো আছে হাস্পতালৰ মজিয়াত ।

প্ৰকৃততে ক’ভিড ১৯ ত আক্ৰান্ত এই বৃদ্ধা গৰাকী দীৰ্ঘদিন ধৰি এলঝেইমাৰৰ ৰোগত আক্ৰান্ত হৈ আছিল ৷ যাৰ কাৰণে বৃদ্ধা গৰাকীয়ে নিজৰ পৰিয়ালৰ লোককো মনত ৰাখিব নোৱাৰে ৷ এই বৃদ্ধাগৰাকী সম্প্ৰতি কৰ’নাত আক্ৰান্ত হৈ  চিকিৎসালয়ত আছে ৷ আৰু বৃদ্ধাগৰাকীয়ে স্বাস্থ্যকৰ্মীজনকে নিজৰ পুত্ৰ বুলি ভাবিছিল ৷ স্বাস্থ্যকৰ্মীজনে বিষয়টো বুজিব পাৰি বৃদ্ধাক আওকাণ কৰি তেওঁক ঔষধ খুৱাই শুৱাবলৈ যত্ন কৰিছিল ৷ স্বাস্থ্যকৰ্মী আৰু বৃদ্ধা গৰাকীৰ ভিডিঅ’টি ইতিমধ্যে সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছে আৰু হাজাৰ হাজাৰ লোকে ভিডিঅ’টি প্ৰত্যক্ষ কৰিছে।

উল্লেখযোগ্য যে যোৱা সপ্তাহৰ সমাপ্তিত এই মানৱীয় কাৰ্য ঘটে ইৰানৰ এখন চিকিৎসালয়ত৷ ৰুগ্ন বৃদ্ধাগৰাকীৰ নাম হৈছে মাম্মা কোবৰা ৷ তেওঁ দীৰ্ঘদিন ধৰি এলঝেইমাৰৰ ৰোগত ভুগি আছিল ৷ আনহাতে বৃদ্ধাৰ মূৰ কোলাত লৈ শুৱাবলৈ যত্ন কৰি থকা স্বাস্থ্যকৰ্মীজনৰ নাম জাভেদ নেছা । সাংবাদিকৰ আগত এই সমগ্ৰ ঘটনাৰ বিষয়ে জাভেদে কয় “তেওঁ মোৰ মাতৃৰ দৰেই ৷ মোৰ মাৰ এনে অৱস্থা হোৱা হ’লে মই যি কৰিলোহেঁতেন, তেওঁৰ ক্ষেত্ৰতো ঠিক সেয়াই কৰিছো ৷’

Exit mobile version