আইৰ সমান হ’ব কোন ?

IAS Gummalla Srijana

এফালে মাতৃৰ মমতা আনফালে কৰ্মক্ষেত্ৰৰ প্ৰতি  থকা নিজৰ দায়িত্ব। কেৰেলাৰ গ্ৰটাৰ বিশাখাপট্টনম পৌৰ নিগমৰ আয়ুক্ত জি সৃজনাৰ এখন ফটোৱে সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।ফটো খনত  জি সৃজনাই কোলাত কেঁচুৱা লৈ  কৰ্ম ক্ষেত্ৰত নিজৰ দায়িত্ব পালন কৰা দেখা গৈছে । দেশত কৰ’না ভাইৰাছৰ দৰে মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত পুৰুষ সহকৰ্মী সকলৰ সমানেই বৃত্তিগত দায়িত্ব পালন কৰি গৈছে সৃজনাই । মাত্ৰ ২৫ দিন পূৰ্বেই এটি পুত্ৰ সন্তান প্ৰসৱ কৰা এই মাতৃ গৰাকীয়ে বৰ্তমান প্ৰসৱকালীন ছুটিত থাকিব লাগিছিল । কিন্ত নিজৰ বৃত্তিগত দায়িত্বৰ প্ৰতি লক্ষ্য ৰাখি ছুটি অবিহনে দিনৰ  দিনটো কৰ্মক্ষেত্ৰত পালন কৰিছে নিজৰ দায়িত্ব।

ADVERTISEMENT

আয়ুক্ত জি সৃজনাই জনোৱা অনুসৰি চাকৰিৰ সমান্তৰালকৈ সদ্যোজাত পুত্ৰক প্ৰতিপালনৰ  এই প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিছে অধিবক্তা স্বামী আৰু মাতৃয়ে যোগোৱা মনোবলৰ পৰা ।পুত্ৰক যিদিনা ঘৰত থৈ যায় সেইদিনা স্বামী আৰু মাতৃয়ে নৱজাতকৰ দায়িত্ব পালন কৰে । সন্তানৰ এনে সময়ত যাতে শাৰীৰিক সমস্যা নহয় তাৰ বাবে সকলো ধৰণৰ স্বাস্থ্য বিধি পালন কৰি চলে বিষয়াগৰাকীয়ে। ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা আয়ুক্ত গৰাকীৰ ফটো খন দেখি বিভিন্ন জনে মন্তব্য কৰিছে যে এগৰাকী মাতৃয়ে বিচাৰিলে প্ৰতিকূল অৱস্থাকো জয় কৰিব পাৰে । তাৰ জ্বলন্ত উদাহৰণ কোলাত সন্তানক লৈ আই এ এছ সৃজনাই পালন কৰি যোৱা নিজৰ বৃত্তিগত দায়িত্ব ।

Exit mobile version