দেশত তলাবন্ধ । এই সময়চোৱাত অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণ কৰা ট্ৰাকে কম সময়ৰ ভিতৰতে গন্তব্যস্থল পাব পৰাকৈ ব্যৱহাৰ কৰা হৈছে মালবাহী ৰেল। ৰাজপথৰ পৰিৱৰ্তে মালবাহী ৰেলৰ ৰেকত ট্ৰাক সমূহ উঠাই দি তড়িত গতিত লক্ষ্য স্থানত পোৱাই দিয়া হৈছে । সম্প্ৰতি এনে সেৱা আগবঢ়াইছে কোংকন ৰেলৱেই । এই জটিল সময় চোৱাত দ্ৰুত সেৱা অব্যাহত ৰাখিব পৰাকৈ সামগ্ৰী বোজাই ট্ৰাক বিলাক ৰেলেৰে পৰিবহণ কৰোৱা হৈছে । এই সেৱাত এবাৰতে ৪৪খন পৰ্যন্ত ট্ৰাক কঢ়িয়াই নিয়াটো সম্ভৱ হয়। দেশত কৰ’নাৰে হোৱা যুঁজত সহায়ক হোৱাকৈ ৰেলেৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে অন্যান্য সমগ্ৰীৰো পৰিবহণ কৰা হৈছে । বৰ্তমান মুম্বাইৰ পৰা মাংগালুৰ পৰ্য্যন্ত দুৰ্গম পাহাৰীয়া অঞ্চলতটোত এনেদৰেই খাদ্য সামগ্ৰী পৰিবহণ কৰি থকা হৈছে । ৰেলেৰে ট্ৰাক পৰিবহণ কৰা এই সেৱা ‘মাৰ্বেল অৱ ৰেল’ নামেৰে অধিক খ্যাত ।
ৰেলেৰে কঢ়িওৱা হৈছে সামগ্ৰীভৰ্তি ট্ৰাক
-
By publisher

- Categories: COVID-19, News
- Tags: Covid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONA VIRUSSTAY HOME STAY SAFE
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025