আশাবাদী বিশ্ব : আহিব নেকি সুখবৰ?

34

দৃঢ় অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ দল

ADVERTISEMENT

এইবাৰ আহিব নেকি সুখবৰ? কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে বিশ্বৰ বহু কেইখন দেশে পৰীক্ষা-নিৰীক্ষা কৰি আছে। আগন্তুক সপ্তাহত ব্ৰিটেইনত কৰ’না ভাইৰাছৰ প্ৰতিৰোধী টিকাৰ মানুহৰ ওপৰত পৰীক্ষা আৰম্ভ হ’ব। ইতিমধ্যে বিভিন্ন প্ৰজাতিৰ প্ৰাণীৰ ওপৰত ক’ভিড-১৯ টিকা প্ৰয়োগ কৰি আশাৰ পোহৰ প্ৰত্যক্ষ কৰি বিজ্ঞানীসকলে মানৱ শৰীৰত পৰীক্ষাৰ বাবে সিদ্ধান্ত লৈছে।

অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষক দলৰ প্ৰধান অধ্যাপক এড্ৰিয়ান হিলে ব্ৰিটিছ সংবাদ মাধ্যমক জনোৱা মতে, প্ৰথম পৰ্যায়ত ১৮ ৰ পৰা ৫৫ বছৰীয়া ৫১০ জন স্বেচ্ছাসেৱিয়ে আগন্তুক সপ্তাহত ক’ভিড-১৯ ৰ ভেকচিন গ্ৰহণ কৰিবলৈ সন্মত হৈছে। প্ৰকাশিত তথ্য অনুসৰি অক্সফ’ৰ্ডৰ বিজ্ঞানীসকল এই টিকাক লৈ ইমানেই আশাবাদী যে আগন্তুক কিছু মাহৰ ভিতৰতে ইয়াৰ জৰিয়তে লক্ষ লক্ষ লোকে মাৰাত্মক কৰ’না ভাইৰাছৰ গ্ৰাসৰ পৰা মুক্ত হ’ব পাৰে বুলি তেওঁলোক বিশ্বাসী। অধ্যাপক হিল আৰু তেওঁৰ সহযোগী বিজ্ঞানীসকলে প্ৰথমতে চিম্পাঞ্জীৰ শৰীৰত ছাৰ্ছ কোভ-২ ভাইৰাছ বেজীৰে বিৰুদ্ধে চিম্পাঞ্জীৰ শৰীৰত ভাইৰাছৰ বিৰুদ্ধে ‘এন্টিবডি’ প্ৰস্তুত কৰে । এই এন্টিবডি টিকা হিচাপে মানুহৰ শৰীৰত দিলে ছাৰ্ছ কো-২ ভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰোধ সৃষ্টি হ’ব বুলি অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকৰ দল নিশ্চিত হৈছে বুলি দাবী কৰে। প্ৰাণীৰ দেহত এই টিকা ব্যৱহাৰ কৰি সুফল লাভ কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বিশ্বজুৰি প্ৰায় ৭০ টা কৰ’না ভাইৰাছ প্ৰতিৰোধী টিকাক লৈ কাম চলি আছে। অক্সফোৰ্ডৰ গৱেষণা ইয়াৰ ভিতৰত এটা। মানৱ শৰীৰত পৰীক্ষাই প্ৰমাণ কৰিব যে ই নিৰাপদ হয় নে নহয়। ইয়াৰোপৰি চীনত এটা আৰু আমেৰিকাত দুটা টিকাৰ মানৱ শৰীৰত পৰীক্ষা আৰম্ভ হৈছে। ইয়াকে লৈ সমগ্র বিশ্ব এতিয়া আশাবাদী।

Exit mobile version