এয়াৰ ইণ্ডিয়াই কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৩ মে’ আৰু আন্তঃৰাষ্ট্ৰীয় বিমানসমূহৰ ক্ষেত্ৰত ৩১ তাৰিখলৈকে টিকট বুকিঙৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও ৪ মে’ৰ পৰা ঘৰুৱা বিমানৰ টিকট বুকিং কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব ৷ এয়াৰ ইণ্ডিয়াই প্ৰথমতে ৪ মে’ৰ পৰা ঘৰুৱা বিমান সেৱা আৰু ১ জুনৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান উৰণৰ কাৰণে টিকট বুক কৰাৰ সিদ্ধান্ত লৈছে ৷ লগতে বিমান উৰণৰ সময়ত স্বাস্থ্য মন্ত্ৰ্যালয়ৰদ্বাৰা সকলো পৰীক্ষা নিৰীক্ষা কৰা হ’ব বুলিও জানিবলৈ দিয়ে এয়াৰ ইণ্ডিয়াই ৷ প্ৰথমতে মেট্ৰ’ চহৰসমূহত বিমানসমূহ চালিত কৰা হ’ব যদিও অনাগত সময়ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিহে বিমানসমুহৰ উৰণত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব । কৰ’না ভাইৰাছৰ প্ৰতিৰোধ কৰিবলৈ ৰেল,বাছৰ লগতে যাতায়তৰ সকলো ব্যৱস্থা বন্ধ কৰি দিয়া হৈছিল ৷এয়াৰ ইণ্ডিয়াই ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত উৰা বিমানসমূহৰ ক্ষেত্ৰত প্ৰথমতে ১৪ এপ্ৰিললৈ আৰু পিছত প্ৰধানমন্ত্ৰী মোডীয়ে তলাবন্ধ ৩ মে’লৈ বৃদ্ধি কৰাত বিমানৰ উৰণৰ ম্যাদ পৰিৱৰ্তন কৰিছিল ৷ অৱশ্যে এতিয়া যাত্ৰীসকলে বিমানৰ টিকট বুকিং কৰিলেও বিমানকৰ্তৃপক্ষই কৰ’না ভাইৰাছৰ ক্ষেত্ৰত ল’ব লগা সকলো সাৱধানতা অৱলম্বন কৰিব ৷
তলাবন্ধৰ পিছত পুনৰ আৰম্ভ হ’ব বিমান সেৱা
-
By publisher

- Categories: Uncategorized
- Tags: Air IndiaCovid-19INDIA FIGHTS COVID-19
Related Content
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত 'থাৰ'ৰ খুন্দাত প্রাণ গ'ল আঢ়ৈ বছৰীয়া কণমানি
By
publisher
April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
By
publisher
April 24, 2026
Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
By
publisher
April 23, 2026
WB- Tamilnadu Election Polling:আজি পশ্চিমবংগ আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ
By
publisher
April 23, 2026
Heroin Seized in Noonmati: নুনমাটি আৰক্ষীৰ জালত হেৰ'ইন সৰবৰাহকাৰী
By
publisher
April 22, 2026
Nitin Gadkari:পেট্ৰ’ল-ইথানল মিশ্ৰণৰ পৰিৱৰ্তে সম্পূৰ্ণ ইথানললৈ লক্ষ্য নীতিন গাডকাৰীৰ
By
publisher
April 22, 2026