WB- Tamilnadu Election Polling:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-আজি পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ হোৱাৰ বিপৰীতে দক্ষিণাত্যৰ তামিলনাডুটো পুৱাৰে পৰা আৰম্ভ হৈছে এটা পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । পশ্চিমবংগৰ ১৫২টা সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা ভোটগ্রহণত ভোটাধিকাৰ সাব্যস্ত কৰিব প্ৰায় ৩কোটি ৬০লাখ ভোটাৰে ৷ একদৰে ভাগ্য নিৰ্ণয় হ’ব ভোট যুঁজত অৱতীৰ্ণ হোৱা ১,৪৫২ গৰাকী প্ৰাৰ্থীৰ ৷
আনহাতে তামিলনাডুত এটা পৰ্যায়ত ২৩৪খন আসনৰ বাবে অনুষ্ঠিত হোৱা ভোটগ্ৰহণত ভোটাধিকাৰ সাব্যস্ত কৰিব প্ৰায় ৫.৭৩ কোটি ভোটাৰে ।আজি ৪,০২৩ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে ৷ পুৱা ৭বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্রহণ প্রক্রিয়া ৷
উল্লেখ্য যে পুৱা ৯ বজালৈ পশ্চিমবংগত ভোটদানৰ হাৰ ১৮.৭৬ শতাংশ হোৱাৰ বিপৰীতে তামিলনাডুত ৯ বজালৈকে ভোটদানৰ হাৰ ১৭.৬৯ শতাংশ ৷ ভোটদানৰ বাবে ওলাই আহিল সাধাৰণ জনতাৰ লগতে দক্ষিণৰ চলচ্চিত্ৰ তাৰকা সকল । সকলোৱে ভোট কেন্দ্ৰত শাৰি পাতি নিজৰ ভোটাধিকাৰ সাব্ডা° কৰিছে ৷




































