ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ জামিন পুনৰ নাকচ কৰিলে নগাঁও আদালতে 

AIUDF MLA
সমগ্ৰ দেশে মহাব্যাধী ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়তে নিজৰ ৰাজনৈতিক লাভালাভৰ নিকৃষ্ট ৰাজনীতিৰে কৰ’না আক্ৰান্তৰ সন্দেহত বহি:ৰাজ্য ফেৰৎ কেতবোৰ লোকক ৰখা কোৱাৰেন্টাইন শিৱিৰ আৰু তেনে লোকৰ চিকিৎসাৰ সন্দৰ্ভত সাম্প্ৰদায়িক, ষড়যন্ত্ৰমূলক, চৰকাৰ বিৰোধী কেতবোৰ মন্তব্যৰ এটা অডিঅ’ ক্লিপ প্ৰস্তুত কৰি নিজেই সেই অডিঅ’ সামাজিক মাধ্যমৰ জৰিয়তে ভাইৰেল কৰি নগাঁও আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে সদ্যহতে মূক্ত আকাশৰ তললৈ অহাৰ সম্ভাৱনা নাইকিয়া হৈ পৰিছে।
নগাঁও সদৰ আৰক্ষী থানাত  ভাৰতীয় দণ্ড বিধিৰ ১২০(বি),১৫৩(এ),১২৪(এ),২৯৫(এ)ধাৰাৰ অধীণত পঞ্জীভূক্ত ৮৭৭/২০২০ নম্বৰৰ গোচৰ মৰ্মে বিধায়ক ইছলামক যোৱা ৬ এপ্ৰিলৰ মাজ নিশা গ্ৰেপ্তাৰ কৰা হৈছিল।যোৱা ৭ এপ্ৰিলৰ পৰা বিধায়ক জন নগাঁও কেন্দ্ৰীয় কাৰাগাৰত ন্যায়িক জিম্মাত আছে।আজি বিধায়কজনৰ গোচৰটোৰ শুনানিৰ দিন আছিল। নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে বিচৰা অনুসৰি আৰক্ষীয়ে গোচৰটোৰ আজি কেছ ডায়েৰীও আদালতত দাখিল কৰে।
ইপিনে, বিধায়ক জনৰ অধিবক্তাই নগাঁও জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতত বিধায়কগৰাকীৰ জামিন বিচাৰি এখন আবেদন দাখিল কৰিছিল ৷ কিন্তু সংশ্লিষ্ট আদালতে বিধায়ক জনৰ জামিন আবেদন খন নাকচ কৰে। বিধায়ক আমিনুলৰ বিৰুদ্ধে অসম চি আই ডি য়েও নিজাববীয়াকৈ ৫/২০২০ নম্বৰত এটা গোচৰ পঞ্জীভূক্ত কৰে। চি আই ডি য়ে আজি গুৱাহাটী মেট্ৰ’পলিটান মেজিষ্ট্ৰেটৰ পৰা এখন প্ৰডাক্টচন ৱাৰেন্ট আনি নগাঁও চি জে এম আদালতত দাখিল কৰি আমিনুলক গ্ৰেপ্তাৰৰ আবেদন জনোৱাত এই আবেদন খনো আদালতে মঞ্জুৰ কৰে।
আনহাতে, আদালতে অসম চি আই ডিক ২১ এপ্ৰিলত বিধায়ক ইছলামক পুনৰ নগাঁও আদালতত হাজিৰ কৰোৱাৰো নিৰ্দেশ দিয়ে।গুৱাহাটীৰ পৰা অহা চি আই ডিয়ে বিধায়ক আমিনুল ইছলামক নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ পৰা লৈ গৈ গুৱাহাটীৰ মেট্ৰ’পলিটান মেজিষ্ট্ৰেটৰ আদালতত আজি হাজিৰ কাৰাই আজিয়েই তেওঁলোকৰ জিম্মাত বিচাৰাৰ সম্ভাৱনা আছে।
Exit mobile version