মানৱতাই কৰ’না ভাইৰাছক পৰাজয় কৰিবঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

মানৱতাই কৰ’না ভাইৰাছৰ বিৰুদ্ধে কৰা যুঁজখনত জয় লাভ কৰিব ৷ইতিমধ্যে কৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ কাৰণে বিশ্বৰ সকলো দেশ একত্ৰিত হৈছে ৷গতিকে মহামাৰী কৰ’নাক মানৱতাহে পৰাজয় কৰিব পাৰিব। এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। লগতে প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক উদ্দেশ্য কৰি কয় যে কৰ’না ভাইৰাছক লৈ ভয় খোৱাৰ প্ৰয়োজন নাই ৷ সম্প্ৰতি দেশৰ জনসাধাৰণে তলাবন্ধৰ সময়ত প্ৰয়োজনীয় সকলো সামগ্ৰীৰ সুবিধা লাভ কৰিছেনে নাই সেই সম্পৰ্কেও নিশ্চিত কৰিবলৈ উঠিপৰি লাগিছে দেশৰ প্ৰধানমন্ত্ৰী মোডী ৷ইফালে ভাৰত চৰকাৰে কৰ’না ভাইৰাছৰ কাৰণে সকলো ধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যেকটো মন্ত্ৰ্যালয় কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ একত্ৰিত হৈছে ৷সেয়েহে প্ৰতিটো বিভাগক মোদীয়ে কৰ’না ভাইৰাছৰ সময়ত সহায় কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে ৷কিছুদিন পূৰ্বে ভাৰতীয় ৰেল সেৱাক উদ্দেশ্য কৰি মোডীয়ে টুইট কৰিছিল যে মহামাৰীৰ এই সংকটৰ সময়ত দেশবাসীক কৰা সহায়ৰ কাৰণে ৰেল বিভাগৰ ওপৰত গৰ্বিত মোদী ৷

Exit mobile version