মে’ৰ প্ৰথম সপ্তাহতে দেশত বাঢ়িব কৰ’নাৰ আক্ৰমণ

কেন্দ্রৰ আভ্যন্তৰীণ মূল্যায়নত উদ্বেগজনক তথ্য

দেশত দ্বিতীয় পৰ্যায়ৰ তলাবন্ধৰ সময়তে কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পোৱাৰ লগতে মৃতকৰ সংখ্যাও বাঢ়িছে। এই পৰিস্হিতিত উদ্বেগ বৃদ্ধি কৰি কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই কয় যে মে ৰ প্ৰথম সপ্তাহত ভাৰতত কৰ’না সংক্ৰমণৰ হাৰ সৰ্ব্বোচ্চ শিখৰত উপনীত হ’ব পাৰে। অৱশ্যে তলাবন্ধৰ ফলত সংক্ৰমণ বহু পৰিমাণে ৰোধ কৰিবলৈ সক্ষম হোৱা বুলিও কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ে ধাৰণা কৰে। বিগত জানুৱাৰীত দেশত প্ৰথমটো কৰ’না সংক্ৰমণৰ ঘটনা পোহৰলৈ আহে আৰু মাৰ্চত এই সংক্ৰমণ বহু পৰিমাণে বৃদ্ধি পায়। দুদিন পূৰ্বে কৰনাৰ ‘হটস্পট’ চিনাক্ত কৰি এনে অঞ্চল ছীল কৰি বীজানুমুক্ত কৰাৰ কাম অব্যাহত ৰাখিছে চৰকাৰে।

এই সকলো বিষয়ক লৈ কেন্দ্ৰীয় চৰকাৰে আভ্যন্তৰীণ মূল্যায়ন আৰম্ভ কৰিছে। ইয়াৰ সৈতে জড়িত কেন্দ্ৰীয় চৰকাৰৰ এজন বিষয়াই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক কয়, ‘পৰৱৰ্তী এসপ্তাহ দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব। কৰণাৰ পৰীক্ষা দেশত ব্যাপক হাৰত বৃদ্ধি কৰা হৈছে। যিসকলৰ জ্বৰ, চৰ্দি, কাহ বা উশাহ-নিশাহত কষ্টৰ দৰে সমস্যা হৈছে তেওঁলোকক পৰীক্ষা কৰা হ’ব।’ তদুপৰি দেশজুৰি যিসকল নিজ গৃহ বা হাস্পতালত কোৱাৰেণ্টাইনত আছে তেনে সকলো লোকৰে স্বাস্থ্য পৰীক্ষা কৰা হ’ব। হটস্পট চিহ্নিত অঞ্চলসমূহত প্ৰায় প্ৰত্যেকৰে ক’ভিড-১৯ ৰ পৰীক্ষা আৰম্ভ কৰা হ’ব। স্বাভাৱিকতে পৰীক্ষাৰ সংখ্যা বৃদ্ধি হ’লে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব। সেয়েহে আগন্তুক সপ্তাহক অতি গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে। বিষয়াজনে লগতে কয় যে, ‘হটস্পট বা ক্লাষ্টাৰবোৰতকৈ বিচ্ছিন্ন সংক্ৰমণক কেন্দ্ৰ কৰি উদ্বেগ বাঢ়িছে। ক্লাষ্টাৰসমূহ নিয়ন্ত্ৰণাধীন কৰাটো সম্ভৱপৰ হ’ব কিন্তু বিচ্ছিন্নভাৱে সংক্ৰমিত হোৱা ঘটনা ৰোধ কৰাটো হ’ব অতি কঠিন।’

Exit mobile version